নগাঁৱৰ কঠিয়াতলীত ৩ গভাইত চোৰ জালত, দীৰ্ঘদিন ধৰি চুৰি কৰিছিল কামপুৰৰ চেনী মিলৰ যন্ত্ৰাংশ
সোমবাৰে নিশা ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত কামপুৰ চেনী মিলৰ বহু যন্ত্ৰাংশ সহঃ তিনিটাকৈ গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয়।
সোমবাৰে নিশা ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত কামপুৰ চেনী মিলৰ বহু যন্ত্ৰাংশ সহঃ তিনিটাকৈ গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয়।
- News18 Assam
- Last Updated: April 20, 2021, 9:25 AM IST
আটকাধীন লোককেইজন ক্ৰমে কামপুৰ মাজৰ আতিৰ লাটুমণি গোহাঁই (৩২), তৰুণ ডেকা (৩৫), সন্তো শইকীয়া ( ৪৮) বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। চোৰৰ দলটোৱে যন্ত্ৰাংশ কঢ়িয়াই অনা গাড়ীখনৰ নম্বৰ হৈছে এএছ০২চিচি৫৬১১। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি কামপুৰৰ চেনী মিলটো বন্ধ হৈ থকাৰ বাবেই উক্ত চোৰৰ দলটোৱে প্ৰায়ে চেনী মিলৰ যন্ত্ৰাংশসমূহ এপদ এপদকৈ চুৰি কৰি বিক্ৰী কৰি আহিছিল। আৰক্ষীয়ে তিনিওটা চোৰক জেৰা অব্যাহত ৰাখিছে।












