Covid-19ত আক্ৰান্ত কণ্ঠশিল্পী ভিতালী দাস। টুইটাৰযোগে কণ্ঠশিল্পীগৰাকীৰ আৰোগ্যৰ বাবে বন্ধুসকলক প্ৰাৰ্থনা কৰিবলৈ আহ্বান জুবলীৰ।

News18 Assam | News18-Assam
Updated:April 21, 2021, 11:14 AM IST
Covid-19ত আক্ৰান্ত কণ্ঠশিল্পী ভিতালী দাস। টুইটাৰযোগে কণ্ঠশিল্পীগৰাকীৰ আৰোগ্যৰ বাবে বন্ধুসকলক প্ৰাৰ্থনা কৰিবলৈ আহ্বান জুবলীৰ।
কণ্ঠশিল্পী ভিতালী দাস আক্ৰান্ত হৈছে ক'ৰোনাত। জানমণি, অঞ্জনাকে ধৰি বিভিন্ন বিহুগীতৰ লগতে বহু আধুনিক গীত উপহাৰ দিয়া এইগৰাকী কণ্ঠশিল্পীৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন অসমবাসী।

কণ্ঠশিল্পী ভিতালী দাস আক্ৰান্ত হৈছে ক'ৰোনাত। জানমণি, অঞ্জনাকে ধৰি বিভিন্ন বিহুগীতৰ লগতে বহু আধুনিক গীত উপহাৰ দিয়া এইগৰাকী কণ্ঠশিল্পীৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন অসমবাসী।

  • Share this:
দৰদী কণ্ঠশিল্পী ভিতালী দাস আক্ৰান্ত হৈছে ক'ৰোনাত। জানমণি, অঞ্জনাকে ধৰি বিভিন্ন বিহুগীতৰ লগতে বহু আধুনিক গীত উপহাৰ দিয়া এইগৰাকী কণ্ঠশিল্পীৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন হৈ পৰিছে শিল্পীসকলৰ লগতে সমগ্ৰ অসমবাসী।

টুইটাৰযোগে কণ্ঠশিল্পীগৰাকীৰ অসুস্থতাৰ বাতৰি দিয়া আন এগৰাকী কণ্ঠশিল্পী জুবলী বৰুৱাই সকলোকে তেওঁ সোনকালে সুস্থ হোৱাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায়।

ক'ভিড আক্ৰান্তহৈ ১৪ এপ্ৰিলত কালাপাহাৰ চিকিৎসালয়ত ভৰ্তি হৈছিল । চিকিৎসালয়ৰ বিচনাত মৃত্যুৰে যুঁজিছে কণ্ঠশিল্পীগৰাকীয়ে । ICUত সংকটজনক অৱস্থাত ভিতালী দাস ।লতাশিল বিহু অনুষ্ঠানত ভাগ ল'বলৈ গৈ ১৪ এপ্ৰিলত অসুস্থ হৈছিল ।ভিতালী দাসৰ জেষ্ঠ ভাতৃ পৰাগ দাস ব্ৰেইন ষ্ট্ৰোক হৈ চিকিৎসালয়ত ভৰ্তি । ভিতালী দাসৰ মাতৃ গৃহৰ সকলো লোক অসুস্থ । এতিয়ালৈ স্থাস্থ্য বিভাগে লোৱা নাই কোনো পদক্ষেপ ।
Published by: Kokil Sarma
First published: April 21, 2021, 10:23 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি