Opinion: সদ্যসমাপ্ত নিৰ্বাচনৰ ভোটদানৰ হাৰে চৰকাৰ গঠনৰ ক্ষেত্ৰত কি ইংগিত প্ৰকাশ কৰিছে? এক বিশ্লেষণ
২০১১চনৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৬.০৫শতাংশ। ২০১৬চনত শাসনাধিষ্ঠ কংগ্ৰেছ চৰকাৰ ওফৰাবলৈ ৰাজ্যৰ ৮৪.৭২শতাংশ লোকে ভোটদান কৰিছিল।
২০১১চনৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৬.০৫শতাংশ। ২০১৬চনত শাসনাধিষ্ঠ কংগ্ৰেছ চৰকাৰ ওফৰাবলৈ ৰাজ্যৰ ৮৪.৭২শতাংশ লোকে ভোটদান কৰিছিল।
- News18 Assam
- Last Updated: April 8, 2021, 5:55 PM IST
এইবাৰ ৰাজ্যত ভোটদানৰ হাৰ হৈছে ৮২.০৪শতাংশ। ২০১৬চনত ভোটদানৰ হাৰ আছিল ৮৪.৭২শতাংশ। অৰ্থাৎ এইবাৰ ভোটদানৰ হাৰ ৰাজ্যৰ বিগত বিধানসভা নিৰ্বাচনতকৈ সামান্য কম। তথাপি এই হাৰ গণতান্ত্ৰিক প্ৰমূল্যবোধৰ পিনৰ পৰা এই হাৰ কোনোপধ্যে নিৰুৎসাহজনক নহয়।
২০১৬চনত ৰাজ্যত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্টিত হৈছিল। এইবাৰ ৰাজ্যত তিনিটা পৰ্যায়ত হৈছে ভোটগ্ৰহণ। ২০১৬চনত প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৮২.২০শতাংশ। এই পৰ্যায়ত উজনি অসম, পাহাৰীয়া জিলা আৰু বৰাক উপত্যকাৰ মুঠ ৬১টা সমষ্টি অন্তৰ্ভুক্ত হৈ আছিল। এইবাৰ প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৭৯.৯৩শতাংশ । এই পৰ্যায়ত অন্তৰ্ভুক্ত হৈ আছে উজনি অসম। এইবাৰ পাহাৰীয়া জিলা আৰু বৰাক উপত্যকাকে ধৰি মধ্য অসম অন্তৰ্ভুক্ত হৈ থকা দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ হৈছে ৮০.৯৬ শতাংশ।
পৰিশেষত এটা কথা ক’ব পাৰি যে এইবাৰ স্থিতাৱস্থাৰ পৰিবৰ্তন হোৱাৰ আশা খুব ক্ষীণ। অৱশ্যে নিশ্চিত ফলাফল পাবলৈ ২ মে’৸লৈ অপেক্ষা কৰাৰ বাহিৰে












