Explained: তামুলপুৰ সংকট! হস্তক্ষেপ নকৰিলে উচ্চতম ন্যায়ালয়-নিৰ্বাচন আয়োগে, কি হ’ব ৰংজা খুংগুৰ বসুমতাৰী জয়ী হ’লে?
যেতিয়া উচ্চতম ন্যায়ালয়ত অথবা সংসদৰ মজিয়াত এই সংকট নিৰ্মূল কৰাৰ প্ৰচেষ্টা চলিব তামুলপুৰ আৰু বসুমতাৰীক স্মৰণ নকৰাৰ গত্যন্তৰ নাথাকিব।
যেতিয়া উচ্চতম ন্যায়ালয়ত অথবা সংসদৰ মজিয়াত এই সংকট নিৰ্মূল কৰাৰ প্ৰচেষ্টা চলিব তামুলপুৰ আৰু বসুমতাৰীক স্মৰণ নকৰাৰ গত্যন্তৰ নাথাকিব।
- News18 Assam
- Last Updated: April 7, 2021, 10:52 AM IST
ৰংজা খুংগুৰ বসুমতাৰী নামৰ ব্যক্তিজনে তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ পৰা লাভ কৰিছিল প্ৰাৰ্থিত্ব। নিৰ্বাচন আয়োগে তালিকা চূড়ান্ত কৰাৰ পিছত বসুমতাৰীয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰি সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিলে। নিৰ্বাচন আয়োগে কংগ্ৰেছ–বিপিএফৰ অভিযোগৰ ভিত্তিত তেওঁক তলব কৰাত তেওঁ জনায় – প্ৰাৰ্থিত্ব চূড়ান্ত হোৱাৰ পিছত তেওঁ অনুভৱ কৰিলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো তেওঁৰ পক্ষে সম্ভৱ নহ’ব; গতিকে তেওঁ বিজেপিত যোগদান কৰিলে।
আনহাতে বিজেপিয়ে তেওঁক যোগদানৰ কোনো পত্ৰ প্ৰদান কৰা নাই তথা বিপিএফেও তেওঁৰ বিৰুদ্ধে কোনো জাননী জাৰি কৰা নাই বুলি নিৰ্বাচন আয়োগক অৱগত কৰে বসুমতাৰীয়ে। অৱশ্যে তেওঁ বিজেপিত যোগদান কৰি বিজেপিৰ মিত্ৰদল UPPLৰ প্ৰাৰ্থীজনক সমৰ্থন কৰাৰ কথা পত্ৰত উল্লেখ কৰে।
নিৰ্বাচনৰ এদিন আগতে নিৰ্বাচন আয়োগৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই হাগ্ৰামা মহিলাৰী কাষ চাপিল উচ্চতম ন্যায়ালয়ৰ। ন্যায়ালয়ে খাৰিজ কৰিলে মহিলাৰীৰ আবেদন। ফলত এপ্রিলৰ ৬ তাৰিখে তামুলপুৰত অনুষ্ঠিত হ’ল ভোটদান। গণতন্ত্ৰত চৰম আচহুৱা পৰিস্থিতিৰ সৃষ্টি হ’ল – বিপিএফৰ প্ৰাৰ্থীজনে ভোটাৰক বিজেপিৰ মিত্ৰদলৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনালে আৰু মহিলাৰীয়ে তামুলপুৰৰ ভোটাৰক দলৰ প্ৰতীক নাঙলত ভোট দিবলৈ আহ্বান জনালে।
যদিহে বসুমতাৰীয়ে জয়লাভ কৰে তেতিয়া কি হ’ব?
যুক্তিৰ খাতিৰত যদি ভবা যায় – নাঙলৰ প্ৰতীক চিহ্নই সৰ্বাধিক ভোট লাভ কৰিলে আৰু সেই প্ৰতীক চিহ্নত নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ অনুমতি লাভ কৰা বসুমতাৰী বিধায়ক হৈ গ’ল; তেন্তে তেওঁ কোনটো দলক বিধানসভাত প্ৰতিনিধিত্ব কৰিব। বিজেপি দলৰ সদস্য হিচাপে শপত ল’লে দল সলোৱা প্ৰতিৰোধ আইন (Anti Defection Law) তেওঁৰ ওপৰত প্ৰযোজ্য হ’ব আৰু তেওঁ বিধায়কৰ পদ হেৰুৱাব লাগিব। বিপিএফৰ বিধায়ক হিচাপে আসনত বহিবলৈও তেওঁ বিজেপিত যোগদান কৰা বুলি আয়োগত জনাই থৈছে।
আনহাতে, আয়োগে বসুমতাৰীক বিজেপিয়ে কোনো যোগদান পত্ৰ প্ৰদান কৰা নাই অথবা বিপিএফেও দলৰ পৰা বহিষ্কাৰ কৰি কোনো পত্ৰ দিয়া নাই বুলি নিৰ্দেশ পত্ৰত উল্লেখ কৰিছে। কিন্তু বিপিএফৰ অভিযোগ পত্ৰখনক - যি পত্ৰৰ ভিত্তিত বসুমতাৰীক তলব কৰা হ’ল, কিয় আনুষ্ঠানিক বহিষ্কাৰ হিচাপে গণ্য কৰা নহ’ল; আনহাতে বসুমতাৰীয়ে আয়োগলৈ প্ৰেৰণ কৰা পত্ৰত বিজেপিত যোগদান কৰা বুলি স্পষ্টকৈ উল্লেখ কৰিছে; গতিকে সেই পত্ৰকে যোগদান পত্ৰ হিচাপে কিয় গণ্য কৰা নহ’ল, কিয় গোচৰটোত বিজেপিকো অন্তৰ্ভুক্ত কৰি চমন কৰা নহ’ল? এনেবোৰ প্ৰশ্ন স্বাভাৱিকতে উত্থাপন হ’ব।
ভৱিষ্যতে আইন প্ৰণয়ন কৰি বা উচ্চতম ন্যায়ালয়ৰ যোগেদি চলিত আইনৰ বাখ্যা কৰি অথবা সংবিধান সংশোধন কৰি এনে সংকট নির্মূলৰ বাট মুকলি হোৱাটো আজিৰ পৰিস্থিতিত নিতান্তই প্ৰয়োজন।












