Zubin Garg : জুবিনে মানিছে ৰঙালী বিহুক লৈ দিয়া চৰকাৰী SOP । পাঠশালাত নিশা ১১ বজাৰ আগতেই অনুষ্ঠান সামৰিলে জুবিনে।
সন্ধিয়া প্ৰায় ৮.১৫ বজাতে বিহুৰ মঞ্চত উঠিল জুবিন। অংগৰাগ পাপন মহন্ত, প্ৰিয়ংকা ভৰালী, নীল আকাশ, দীপলীনা ডেকাকে ধৰি অধিকাংশ শিল্পীয়েই মানিছে SOP।
সন্ধিয়া প্ৰায় ৮.১৫ বজাতে বিহুৰ মঞ্চত উঠিল জুবিন। অংগৰাগ পাপন মহন্ত, প্ৰিয়ংকা ভৰালী, নীল আকাশ, দীপলীনা ডেকাকে ধৰি অধিকাংশ শিল্পীয়েই মানিছে SOP।
- News18 Assam
- Last Updated: April 17, 2021, 12:43 AM IST
খাৰঘুলিত বিহুৰ প্ৰথম দিনাই SOP উলংঘা কৰিছিল জুবিনে। নিজকে নিয়ম ভঙা মানুহ বুলি ঘোষণা কৰি নিশা ১২ বজাৰ পিছত সামৰিছিল নিজৰ সংগীতানুষ্ঠান। কিন্তু বৃহস্পতিবাৰে বঙাইগাঁৱত ১১ বজাৰ পূৰ্বেই অনুষ্ঠান সামৰিছিল জুবিনে। একেদৰে শুকুৰবাৰেও পাঠশালাত ১১ বজাৰ পূৰ্বে সামৰিলে নিজৰ সংগীতানুষ্ঠান।
নিজৰ চৰিত্ৰৰ বিপৰীতে গৈ সন্ধিয়া প্ৰায় ৮.১৫ বজাতে বিহুৰ মঞ্চত উঠিছিল জুবিন। পাঠশালা ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত আয়োজন কৰা বিহুৰ কাৰ্যসূচীত ভাগ লৈ জুবিনে দীনবন্ধু চিনেমা আৰু আৱাহন থিয়েটাৰৰ সৈতে হোৱা অভিজ্ঞতাৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে। বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা অনুষ্ঠানত দুঘণ্টাৰো অধিক সময় গান গাই পাঠশালাবাসীক মোহাচ্ছন্ন কৰি ৰাখে জুবিনে।
অৱশ্যে এই পৰ্যন্ত SOP উলংঘনৰ তেনে উদ্বেগজনক ঘটনা বিশেষকৈ ঘটা নাই। জুবিনৰ লগতে অংগৰাগ পাপন মহন্ত, প্ৰিয়ংকা ভৰালী, নীল আকাশ, দীপলীনা ডেকাকে ধৰি অধিকাংশ শিল্পীয়েই SOP মানি চলাত গুৰুত্ব দিছে। আগন্তুক দিনকেইটাত এই ধাৰা অব্যাহত থাকে নে নাথাকে সেয়া হ'ব লক্ষণীয়।












