Covid 19 Assam : শুকুৰবাৰে ৰাজ্যত কোৰোণাত আক্ৰান্ত ৫৭৩ গৰাকী, মৃত্যু ৪ গৰাকীৰ। কোৰোণাৰ সংক্ৰমণৰ গতিয়ে নাম লোৱা নাই থমকি ৰোৱাৰ।
কামৰূপ মহানগৰ জিলাতে সৰ্বাধিক ২৪৫ গৰাকী লোক আক্ৰান্ত। কামৰূপ গ্ৰাম্য জিলাত ৪৭ গৰাকী, নগাঁৱত ৩৩ গৰাকী আক্ৰান্ত।
কামৰূপ মহানগৰ জিলাতে সৰ্বাধিক ২৪৫ গৰাকী লোক আক্ৰান্ত। কামৰূপ গ্ৰাম্য জিলাত ৪৭ গৰাকী, নগাঁৱত ৩৩ গৰাকী আক্ৰান্ত।
- News18 Assam
- Last Updated: April 16, 2021, 11:31 PM IST
কামৰূপ গ্ৰাম্য জিলাত ৪৭ গৰাকী, নগাঁৱত ৩৩ গৰাকী আৰু শোণিতপুৰত আক্ৰান্ত হৈছে ৩০ গৰাকী লোক।ডিব্ৰুগড়ত আক্ৰান্ত হৈছে ২৫ গৰাকী, কাৰ্বি আংলঙত ১৯ গৰাকী আক্ৰান্ত হৈছে।
শুকুৰবাৰে অসমত মুঠ সক্ৰিয় ক'ৰোনা আক্ৰান্তৰ সংখ্যা হৈছে ৪০৬৯ গৰাকী।
উল্লেখ্য যে অসমত দেওবাৰে পজিটিভিটী হাৰ আছিল ০.৪৮ শতাংশ। সোমবাৰে পজিটিভিটী হাৰ আছিল ০.৫৭ শতাংশ। সেইদিনা ৰাজ্যত ১ লাখৰ অধিক কোৰোণা পৰীক্ষা কৰোৱা হৈছিল। মঙলবাৰে পজিটিভিটী হাৰ আছিল ০.৯৯ শতাংশ।












