অন্তিম ২৪ ঘণ্টাত ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যা ৫৭৩, কামৰূপ মহানগৰত আক্ৰান্ত ২৪৫ জন।
২ ব'হাগৰ দিনা অসমত ক'ৰোনাত আক্ৰান্ত হয় ৫৭৩ জন লোক। ইয়াৰে ২৪৫জন লোক কামৰূপ মহানগৰ জিলাৰ।
২ ব'হাগৰ দিনা অসমত ক'ৰোনাত আক্ৰান্ত হয় ৫৭৩ জন লোক। ইয়াৰে ২৪৫জন লোক কামৰূপ মহানগৰ জিলাৰ।
- News18 Assam
- Last Updated: April 16, 2021, 11:39 PM IST
আক্ৰান্তসকলৰ ২৫জন ডিব্ৰুগড় জিলাৰ, ৪৭ জন কামৰূপ গ্ৰাম্য জিলাৰ, ৩০ জন শোণিতপুৰ জিলাৰ, ৩৩জন নগাঁও জিলাৰ, আৰু ১৯ জন কাৰ্বি আংলং জিলাৰ বুলি জানিব পৰা গৈছে। শুকুৰবাৰে আক্ৰান্তৰ গড় কিছু হ্ৰাস পাইছে। আক্ৰান্তৰ গড় হৈছে ১.৭৭ শতাংশ। মুঠ ৩২,৪২১ জনৰ পৰীক্ষা কৰা হৈছিল ২ ব'হাগৰ দিনা। আনহাতে ৪জন লোকৰ মৃত্যু হয়। মৃত লোকসকলৰ এজন কামৰূপ মহানগৰ জিলাৰ, এজন নগাঁও জিলাৰ, এজন কৰিমগঞ্জ জিলাৰ আৰু এজন লখিমপুৰ জিলাৰ। ১১৩ জন লোক আৰোগ্য হয়।












