মুখ্যপৃষ্ঠা » খবৰ

» Corona

»Tense Over Vaccination in Bokakhat : বোকাখাতত কোভিড ভেকচিন প্ৰদানক লৈ উত্তপ্ত পৰিস্থিতি । আৰক্ষী থানা, মহকুমাধিপতি কাৰ্যালয় ঘেৰাও।

Tense Over Vaccination in Bokakhat : বোকাখাতত কোভিড ভেকচিন প্ৰদানক লৈ উত্তপ্ত পৰিস্থিতি । আৰক্ষী থানা, মহকুমাধিপতি কাৰ্যালয় ঘেৰাও।

News18 Assam | News18-Assam
Updated:June 24, 2021, 4:16 PM IST
Tense Over Vaccination in Bokakhat : বোকাখাতত কোভিড ভেকচিন প্ৰদানক লৈ উত্তপ্ত পৰিস্থিতি । আৰক্ষী থানা, মহকুমাধিপতি কাৰ্যালয় ঘেৰাও।
প্ৰতিষেধক প্ৰদান কেন্দ্রটোত যাতে কোনো ধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহকুমাধিপতি বিপুল দাসে এলানি নিৰ্দেশনা জাৰি কৰিছে।

প্ৰতিষেধক প্ৰদান কেন্দ্রটোত যাতে কোনো ধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহকুমাধিপতি বিপুল দাসে এলানি নিৰ্দেশনা জাৰি কৰিছে।

  • Share this:
বৃহস্পতিবাৰে পুৱা বোকাখাত নাট্য মন্দিৰত ক'ভিড ভেকচিনক লৈ উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পুৱতি নিশা ২-৩ বজাৰ পৰা শাৰী পাতিও বহু লোকে নাপালে ভেকচিনৰ কুপন ৷ সেই লৈ ক্ষোভিত হৈ একাংশ পুৰুষ-মহিলাই বোকাখাত আৰক্ষী থানাৰ লগতে বোকাখাতৰ মহকুমাধিপতিৰ বাসভৱন ঘেৰাও কৰে ৷

মহকুমা স্বাস্থ্য বিষয়া ডাঃ ভাৰত ফুকনে কুপনৰ পৰিৱৰ্তে আগতীয়াকৈ তালিকা প্ৰস্তুত কৰাৰ অভিযোগ কৰে বঞ্চিত ৰাইজে ৷ মহকুমাধিপতিয়ে আশ্বাস প্ৰদান কৰাত পুনৰ বঞ্চিত সকল ভেকচিন কেন্দ্ৰটোত উপস্থিত হয় ৷ সেই সময়তে  কৃষি মন্ত্ৰী অতুল বৰা বোকাখাত নাট্য মন্দিৰত  উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। মহকুমা স্বাস্থ্য বিষয়া ডাঃ ভাৰত ফুকনক ধমক দিয়াৰ লগতে সকলোৱে ভেকচিন পাব পৰাকৈ সুবিধা প্ৰদানৰ বাবে নিৰ্দেশ দিয়ে মন্ত্ৰী অতুল বৰাই৷

ইয়াৰ পাছতে মহকুমাধিপতিৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগ, আৰক্ষী বিভাগৰ লগত কোভিড-১৯ প্ৰতিষেধক প্ৰদানক লৈ এখন জৰুৰী সভা অনুস্থিত হয় ৷ সভাৰ পাছতে মহকুমাধিপতিয়ে কেতবোৰ নিৰ্দেশনা জাৰি কৰে। এতিয়াৰ পৰা বোকাখাত নাট্যমন্দিৰৰ কোভিড- ১৯ৰ প্ৰতিষেধক প্ৰদান কেন্দ্রত প্ৰতিষেধক ল'বৰ বাবে পুৱা ৭ বজাৰ পৰা  শাৰী পাতিব লাগিব, পুৱা ৮ বজাত প্ৰতিষেধকৰ বাবে কুপন বিতৰণ কৰা হ'ব আৰু পুৱা ৯ বজাৰ পৰা ক'ভিড-১৯ৰ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব ৷ প্ৰতিষেধকৰ কুপন ল'বৰ বাবে বোকাখাত নাট্য মন্দিৰৰ পাছফালৰ গেটত পুৰণি চিকিৎসালয়ৰ পথত শাৰী পাতিব লাগিব ৷ প্ৰতিষেধক প্ৰদানৰ ক্ষেত্রত বয়োজ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম লোকসকলক বিশেষভাবে  অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব ৷
Published by: Manjumoni Borah
First published: June 24, 2021, 4:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি