বঙাইগাঁৱত একেখন মহাবিদ্যালয়ৰ ৩গৰাকী প্ৰৱক্তা ক'ৰোনাত আক্ৰান্ত, প্ৰশাসনে কন্টেইনমেন্ট জ’ন ঘোষণা নকৰাক লৈ প্ৰতিক্ৰিয়া...
বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ তিনি গৰাকীকৈ প্ৰবক্তা ক’ভিড ১৯ত আক্ৰান্ত হৈছে৷ বৰ্তমানলৈ মহাবিদ্যালয়খন প্ৰশাসনে বন্ধৰ নিৰ্দেশ জাৰি নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ তিনি গৰাকীকৈ প্ৰবক্তা ক’ভিড ১৯ত আক্ৰান্ত হৈছে৷ বৰ্তমানলৈ মহাবিদ্যালয়খন প্ৰশাসনে বন্ধৰ নিৰ্দেশ জাৰি নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
- News18 Assam
- Last Updated: April 25, 2021, 12:21 PM IST
ইতিমধ্যে বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ তিনি গৰাকীকৈ প্ৰবক্তা ক’ভিড ১৯ৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ একাংশ প্ৰবক্তাৰ পৰিয়ালৰ লোকসকলেও আক্ৰান্ত হৈছে ৷ বৰ্তমানলৈ প্ৰশাসনে শিক্ষানুষ্ঠানখন কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা নাই ৷ বৰ্তমানলৈ মহাবিদ্যালয়খন প্ৰশাসনে বন্ধৰ নিৰ্দেশ জাৰি নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আনহাতে ক’ভিত-১৯ত আক্ৰান্ত লোক ধৰা পৰাৰ পিছত সেই অঞ্চলসমুহক সাঙুৰি ক’ন্টেইনমেন্ট জ’ন আদিকে কৰি বিশেষ সতৰ্কতামুলক ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ জিলাখনত মুঠ আক্ৰান্ত ২৩০ গৰাকী ৷