ৰাজ্যত দূৰ হৈছেনে ক'ভিড ভেকচিনৰ নাটনি? প্ৰয়োজন অনুসৰি ভেকচিন মজুত আছেনে?
অসমত এতিয়া মজুত আছে ৬ লাখ ভেকচিন। বিপৰীতে মজুত থাকিব লাগে ১০ লাখ ভেকচিন। কিয়নো এতিয়াও প্ৰায় ১০ লাখ লোকে দ্বিতীয় পালি ভেকচিন ল'বলৈ বাকী আছে।
অসমত এতিয়া মজুত আছে ৬ লাখ ভেকচিন। বিপৰীতে মজুত থাকিব লাগে ১০ লাখ ভেকচিন। কিয়নো এতিয়াও প্ৰায় ১০ লাখ লোকে দ্বিতীয় পালি ভেকচিন ল'বলৈ বাকী আছে।
- News18 Assam
- Last Updated: April 17, 2021, 5:03 PM IST
বিপৰীতে দ্বিতীয়টো পালি প্ৰদান কৰা হৈছে ২ লাখ ৮২ হাজাৰ ৯ শ ৯০ গৰাকী লোকক ৷ স্বাস্হ্য বিভাগৰ এক নিৰ্দেশ অনুসৰি প্ৰথম পালি প্ৰদান কাৰীৰ বিপৰীতে মজুত থাকিব লাগে দ্বিতীয় পালি ৷ যাতে নিৰ্দিষ্ট সময়ত প্ৰথম পালি লাভ কৰি দ্বিতীয়টো পালি প্ৰদান কৰিব পাৰে ৷ সেই অনুসৰি ৰাজ্যত মজুত থকিব লাগে প্ৰায় ১০ লাখ ভেকচিন ৷ বিপৰীতে ৰাজ্যৰ স্বাস্হ্য বিভাগত আছে মাথোন ৬ লাখ ভেকচিন ৷
ইপিনে ৰাজ্যৰ একাংশ ব্যক্তিগত খণ্ডৰ হাস্পতালে ভেকচিন মজুত কৰি সমস্যাৰ সৃষ্টি কৰা বুলি গুৰুত্বপূৰ্ণ মন্তব্য স্বাস্হ্য আৰু পৰিয়াল কল্যাণ সঞ্চালকালয়ৰ সঞ্চালকৰ ৷ প্ৰশ্ন হৈছে এতিয়া যদি, কেন্দ্ৰীয় স্বাস্হ্য মন্ত্ৰণালয়ে সঠিক সময়ত ভেকচিন প্ৰদান নকৰে তেন্তে নিৰ্দিষ্ট সময়ত দ্বিতীয় পালি ভেকচিন লাভৰ পৰা ৰাজ্যৰ লাখ লাখ লোক বঞ্চিত হব নেকি?












