যোৰহাটবাসী ৰাইজে সম্প্ৰতি উপভোগ কৰিবলৈ নাপাব জুবিন, পাপনৰ সংগীতানুষ্ঠান!
যোৰহাটত দুখনকৈ আগশাৰীৰ বিহু সন্মিলনৰ নিশাৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে । Covid সংক্ৰমণৰ আশংকাতে বাতিল কৰা হৈছে অনুষ্ঠান।
যোৰহাটত দুখনকৈ আগশাৰীৰ বিহু সন্মিলনৰ নিশাৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে । Covid সংক্ৰমণৰ আশংকাতে বাতিল কৰা হৈছে অনুষ্ঠান।
- News18 Assam
- Last Updated: April 17, 2021, 6:51 PM IST
দৰাচলতে ক'ৰোনাৰ ভয়াৱহ পৰিস্থিতিৰ মাজত অহা ২২, ২৩ এপ্ৰিলৰ নিশা অনুষ্ঠিত হ'ব লগা জনপ্ৰিয় শিল্পী দীক্ষু আৰু জুবিন গাৰ্গৰ সঙ্গীতানুষ্ঠানক লৈ বিমোৰত পৰে যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোক্তাসকল । নিশা ১১ বজাৰ পূৰ্বে অনুষ্ঠান সামৰিলেও দৰ্শকৰ ভিৰ নিয়ন্ত্ৰণ কৰা তথা বাকী কভিড প্ৰট'কলসমূহ মানি চলাৰ ক্ষেত্ৰত নিশ্চিত হ'ব নোৱাৰিলে উদ্যোক্তাসকল । সেয়েহে এই বিহু সন্মিলনখন বাতিল কৰে উদ্যোক্তাসকলে । কিন্তু ক'ভিড পৰিস্থিতি শাম কটাৰ পিছত যোৰহাটবাসীৰ বাবে এই বিহু সন্মিলনৰ উদ্যোক্তাসকলে জুবিন গাৰ্গৰ বিশেষ সাংস্কৃতিক সন্ধিয়া অনুস্থিত কৰিব বুলি জানিবলৈ দিছে ।
" দেশৰ বিভিন্ন ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰা ক'ভিড সংক্ৰমণৰ কথা চিন্তা কৰিয়েই আমি বৰ্তমান বিহু সন্মিলনখন বাতিল কৰিবলৈ সিদ্ধান্ত লৈছো । পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত আমি জুবিন গাৰ্গৰ বিশেষ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিম । " যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সভাপতি কামাখ্যা মোহন দাসে এনেদৰে কয় ।
" ক'ভিড প্ৰট'কলৰ মাজেৰে পাপনৰ দৰে জনপ্ৰিয় শিল্পীৰ অনুষ্ঠান অনুষ্ঠিত কৰাত বহু অসুবিধা আছে । সেয়েহে আমি এইবাৰ হুচৰি বিহুৰ লগতে অসমৰ বহুকেইটা জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শনেৰে ক'ভিড প্ৰট'কল মানি মুকলি বিহু অনুষ্ঠিত কৰিম । ", পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ সভাপতি ৰবীন শইকীয়াই এনেদৰে কয় ।
অসমৰ বিভিন্ন স্থানত বিহু সন্মিলনসমূহ ক্ৰমাৎ অনুষ্ঠিত হবলৈ লওতেই ক'ভিডৰ আগ্ৰাসনক লৈ যাতে হৃদয় বিদাৰক পৰিস্থিতিৰ সৃষ্টি নহয় বৰ্তমান তাক লৈ সচকিত হৈ পৰিছে বহু লোক ।












