Covid 19 Assam: প্ৰথম পালি কোভিড ভেকচিন লোৱাৰ পাছতো পজিটিভ বোকাখাতৰ মহিলা। বোকাখাত অসামৰিক চিকিৎসালয়ত ভেকচিন শেষ।
বোকোখাতত কোৰোণাৰ বাবে বাতিলকেইবাখনো বিহু সন্মিলনীৰ অনুষ্ঠান। কাজিৰঙাত সোমবাৰে পুনৰ এজন লোক কোভিড পজিটিভ।
বোকোখাতত কোৰোণাৰ বাবে বাতিলকেইবাখনো বিহু সন্মিলনীৰ অনুষ্ঠান। কাজিৰঙাত সোমবাৰে পুনৰ এজন লোক কোভিড পজিটিভ।
- News18 Assam
- Last Updated: April 19, 2021, 4:32 PM IST
আনহাতে কোভিড ১৯(Covid 19) ভেকচিন ল'বলৈ অহা লোকৰ কোভিড পৰীক্ষাৰ মাজতেই দুজনৰ শৰীৰত কোৰোণাৰ ভাইৰাছ(Corona Virus) ধৰা পৰে ৷ তেওঁলোক দুজন হল সুজাতা জালান আৰু অভিষেক সিং ৷
সুজাতা জালানে ইতিমধ্যে কোৰোণাৰ প্ৰথম পালি ভেকচিন লৈছিল। সোমবাৰে দ্বিতীয় পালি ভেকচিন ল'বলৈ আহি পৰীক্ষা কৰোতে পজিটিভ ধৰা পৰে।
ইয়াৰ মাজতে কাজিৰঙাত সোমবাৰে পুনৰ এজন লোক কোভিড পজিটিভ হয়। পৰ্যটক কঢ়িওৱা এখন বাহনৰ চালক প্ৰমোদ ৰয়ৰ কোৰোণাত আক্ৰান্ত হয়। দিল্লীৰ পৰা শ্বিলং হৈ কাজিৰঙালৈ অহা দুজনীয়া পৰ্যটকৰ এটি দল কাজিৰঙাত উপস্থিত হোৱাৰ পিছতে চালকসহ পৰ্যটককেইজনৰ কৰা হয় কোভিড পৰীক্ষা। চালক প্ৰমোদ ৰয়ৰ দেহত কোভিড ধৰা পৰিল যদিও পৰ্যটক কেইজনৰ ৰিপ'ৰ্ট নিগেটিভ বুলি জানিবলৈ দিয়ে চিকিৎসকে।












