'মাস্ক পৰিধান কৰক, সামাজিক দূৰত্ব বজাই ৰাখক'-দুৰ্যোগৰ মাজতে ৰঙিয়াত মাস্ক বিতৰণ...

News18 Assam | News18-Assam
Updated:April 15, 2021, 6:48 PM IST
'মাস্ক পৰিধান কৰক, সামাজিক দূৰত্ব বজাই ৰাখক'-দুৰ্যোগৰ মাজতে ৰঙিয়াত মাস্ক বিতৰণ...
ৰঙিয়াত মাস্ক বিতৰণ কৰিছে চানেকি নামৰ বেচৰকাৰী সংস্থাই ।

ৰঙিয়াত মাস্ক বিতৰণ কৰিছে চানেকি নামৰ বেচৰকাৰী সংস্থাই ।

  • Share this:
লাহে লাহে সময় জটিল হৈ পৰিছে। ক'ৰোনা মহামাৰীয়ে পুনৰ এবাৰ দেশৰ ইমূৰৰ পৰা সিমূৰলৈ গ্ৰাস কৰিবলৈ লৈছে। তেনে সময়তে ৰঙিয়াত মাস্ক বিতৰণ কৰিছে চানেকি নামৰ বেচৰকাৰী সংস্থাই ।

শেহতীয়াভাৱে ৰঙিয়াৰ কেইবাজনৰো লোকৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ । এনে এক দুৰ্যোগৰ সময়ত চানেকি নামৰ বেচৰকাৰী সংস্থাই চলাইছে সজাগতা অভিযান । ৰঙিয়া নগৰৰ বিভিন্ন ঠাইত মাস্ক বিতৰণ কৰে চানেকি নামৰ বেচৰকাৰী সংস্থাটোৱে ।  ক'ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বিষয়েও সজাগতা অভিযান চলাইছে সংস্থাটোৱে ।
Published by: Kokil Sarma
First published: April 15, 2021, 6:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি