ৰঙিয়া জংচনত বহিঃৰাজ্যৰ পৰা অহা ৫ ৰে'লযাত্ৰীৰ দেহত ধৰা পৰিল Covid-19 ।
ৰঙিয়া জংচনত বহিঃৰাজ্যৰ পৰা অহা ৫ ৰেলযাত্ৰীৰ দেহত ধৰা পৰিল ক'ভিড-১৯ । সোমবাৰে বাংগালুৰু-গুৱাহাটী বিশেষ ৰে'লত অহা ৫ গৰাকী যাত্ৰী ক'ভিডত আক্ৰান্ত বুলি নিশ্চিত হয় ।
ৰঙিয়া জংচনত বহিঃৰাজ্যৰ পৰা অহা ৫ ৰেলযাত্ৰীৰ দেহত ধৰা পৰিল ক'ভিড-১৯ । সোমবাৰে বাংগালুৰু-গুৱাহাটী বিশেষ ৰে'লত অহা ৫ গৰাকী যাত্ৰী ক'ভিডত আক্ৰান্ত বুলি নিশ্চিত হয় ।
- News18 Assam
- Last Updated: April 19, 2021, 6:23 PM IST
ৰঙিয়া ষ্টেচন চৌহদত চলি থকা ক'ভিড টেষ্টৰ সময়ত এই ৫ গৰাকী যাত্ৰীৰ দেহত ক'ভিড-১৯ ধৰা পৰে । ক'ভিড পৰীক্ষা কৰা মুঠ ২৬১ গৰাকী যাত্ৰীৰ ভিতৰত এই ৫ গৰাকী যাত্ৰী ক'ভিডত আক্ৰান্ত বুলি ধৰা পৰে । পিছত ক'ভিডত আক্ৰান্ত ৰেলযাত্ৰী কেইজনক শিঙিমাৰী ক'ভিড হাস্পতাললৈ নিয়া হয় । বাংগালুৰুত কৰ্মৰত আটাইকেইজনে নিজ নিজ গৃহলৈ যোৱাৰ উদ্দেশ্যে এই ৰে'লখনত আহিছিল । উল্লেখ্য যে দেশৰ বিভিন্ন ৰাজ্যত ভয়াৱহভাৱে ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ স্বাস্থ্য বিভাগে বিমান বন্দৰৰ লগতে ৰে'ল ষ্টেচন সমূহত বহিঃৰাজ্যৰ পৰা অহা যাত্ৰী সকলক ক'ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে । অনুৰূপ ধৰণেৰে ৰঙিয়া ষ্টেচনত বহিঃৰাজ্যৰ যাত্ৰীসকলক ক'ভিড টেষ্ট কৰি থকা হৈছে । এনে সময়তে আজি ৫ গৰাকী ৰে'লযাত্ৰীৰ দেহত কভিড-১৯ ধৰা পৰে ।












