পুত্ৰ অভিষেকৰ বলীউদ ত্যাগৰ সিদ্ধান্তত কি পৰামৰ্শ দিছিল বিগ বি অমিতাভ বচ্চনে? অভিষেকে ক’লে পিতৃৰ সকলো কথা...
সেই সময়ত বিগ বিৰ অনুপ্ৰেৰণামূলক শব্দবোৰে তেওঁৰ মনোবল বৃদ্ধি কৰিছিল আৰু তেওঁক এক নতুন দৃষ্টিভংগী প্ৰদান কৰিছিল।
সেই সময়ত বিগ বিৰ অনুপ্ৰেৰণামূলক শব্দবোৰে তেওঁৰ মনোবল বৃদ্ধি কৰিছিল আৰু তেওঁক এক নতুন দৃষ্টিভংগী প্ৰদান কৰিছিল।
- News18 Assam
- Last Updated: April 13, 2021, 11:35 AM IST
নিজৰ বলীউদ কেৰিয়াৰৰ ক্ষেত্ৰত তেওঁ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল। অভিনেতাজনে এই কথা স্বীকাৰ কৰিছে যে তেওঁ এনে এটা পৰ্যায়ত উপনীত হৈছিল য'ত তেওঁ নিজৰ বলীউদ কেৰিয়াৰ প্ৰায় এৰি দিছিল আৰু অনুভৱ কৰিছিল যে বলীউদৰ বাবে জন্ম হোৱা নাই তেওঁ। লগতে অভিষেকে তেওঁৰ পিতৃ তথা বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ পৰামৰ্শই তেওঁক কেনেদৰে এক নতুন দৃষ্টিভংগী প্ৰদান কৰিছিল আৰু সেই সময়ত তেওঁৰ মন সলনি কৰিছিল সেই বিষয়েও শ্বেয়াৰ কৰিছে সকলো কথা।
আৰ জে সিদ্ধাৰ্থ কাননৰ সৈতে এক শেহতীয়া সাক্ষাৎকাৰত অভিনেতাজনে সেই সময়ৰ তেওঁৰ মানসিক অৱস্থাৰ বিষয়ে মুকলিকৈ উল্লেখ কৰিছিল যেতিয়া তেওঁ নিৰন্তৰ বিফলতাৰ সন্মুখীন হৈছিল। তেওঁ কয়, “এটা সময়ত, মই অনুভৱ কৰিছিলো যে এই উদ্যোগটোলৈ অহাটো মোৰ ভুল আছিল। তাৰ পিছত, মই মোৰ দেউতাক কৈছিলো, মই এই উদ্যোগৰ বাবে নহয়৷”
পিতৃৰ এই পৰামৰ্শ অনুসৰণ কৰিয়েই আগুৱাইছিল অভিষেক ৷ ইয়াৰ পিছতে তেওঁ “লুডো আৰু ব্ৰেথ : ইনটু দা শ্বেডোজ”ৰ দৰে চলচ্চিত্ৰৰ দ্বাৰা তেওঁৰ কেৰিয়াৰ আগুৱাই নিবলৈ অত্যন্ত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত ২০২০ত বিশেষ প্ৰদৰ্শনেৰে অভিনেতাজনে তেওঁৰ অভিনয়ৰ দক্ষতা আৰু বহুমুখী প্ৰতিভাৰ প্ৰমাণ দিছিল।
অভিষেক অভিনীত “দ্য বিগ বুল” ছবিখন এই বৰ্ষতে অ'টিটি প্লেটফৰ্মত মুক্তি লাভ কৰিছে। কুকি গুলাটিৰ দ্বাৰা পৰিচালিত এইখন এখন অপৰাধমূলক ঘটনাৰ ছবি। ছবিখনত হৰ্ষদ মেহতাৰ জীৱনৰ বিষয়ে বৰ্ণনা কৰা হৈছে, যি ১৯৮০ চনৰ পৰা ১৯৯০ চনলৈ ১০ বছৰ ধৰি বিত্তীয় অপৰাধত জড়িত এজন ষ্টকব্ৰোকাৰ আছিল।












