BasicFirst-এ ছাত্ৰ-ছাত্ৰীক অনলাইন লাৰ্ণিং ফৰ্মেট কাষ্টমাইজ কৰাৰ সুবিধা প্ৰদান কৰে, যাতে সফলতাৰ পথত কোনো হেঙাৰ আহি নপৰে!
এই মঞ্চখনে ই-লাৰ্ণিঙক এক অনন্য মাত্ৰা প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদানৰ যোগেদি সমৃদ্ধিশালী কৰি তুলিব ধৰিছে। চাওঁচোন আহক এয়া কেনেকৈ সম্ভৱপৰ হৈছে।
এই মঞ্চখনে ই-লাৰ্ণিঙক এক অনন্য মাত্ৰা প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদানৰ যোগেদি সমৃদ্ধিশালী কৰি তুলিব ধৰিছে। চাওঁচোন আহক এয়া কেনেকৈ সম্ভৱপৰ হৈছে।
- News18 Assam
- Last Updated: September 15, 2020, 7:14 PM IST
কেৱল শিক্ষক আৰু অভিভাৱকেই নিজকে খাপ খুৱাবলৈ কষ্ট কৰিবলগীয়া হোৱা নাই। সকলো বয়স আৰু শাখাৰ শিক্ষাৰ্থীয়ে এই পৰিবৰ্তনৰ সৈতে নিজকে খাপ খুৱাবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে, বা পিছ পৰি ৰৈছে। ইয়াৰ বাহিৰে কোনো উপায় আছে জানো? হয় আছে- BasicFirst এনে এখন যোগ্যতাভিত্তিক আৰু ব্যক্তিগতকৰণ কৰিব পৰা মঞ্চ য’ত অধিকাংশ ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিষ্ঠানে সমুখীন হোৱা সমস্যাসমূহৰ সমাধান লাভ কৰা যায়। এইটো ক্ষেত্ৰত আগৰণুৱা এই মঞ্চখনে ই-লাৰ্ণিঙক এক অনন্য মাত্ৰা প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদানৰ যোগেদি সমৃদ্ধিশালী কৰি তুলিব ধৰিছে। চাওঁচোন আহক এয়া কেনেকৈ সম্ভৱপৰ হৈছে।
সমস্যা- অনেক সংখ্যক ছাত্ৰ-ছাত্ৰীক কাৰ্যকৰীভাৱে শিক্ষা প্ৰদান কৰা।
সমস্যা- দক্ষ আৰু কাৰ্যকৰী পাঠ্যক্ৰম সন্ধান কৰা।
BasicFirst-ৰ সমাধান - প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে এক ছুপাৰ-স্মাৰ্ট ব্যক্তিগতকৃত পাঠ্যক্ৰমৰ অৰ্থ হৈছে সমস্যাৰ সমুখীন হোৱা অংশসমূহ সহজে চিনাক্ত কৰি শুধৰণিৰ বাট প্ৰশস্ত কৰি তোলা। লগতে বিদ্যাৰ্থীগৰাকীৰ শক্তিশালী বিন্দুবিলাকো অধিক শক্তিশালী কৰি তোলা। এক তদনুৰূপ শিক্ষাৰ কৰ্মসূচী আৰু স্ব-অধ্যয়নৰ অভ্যাসে নিশ্চিত কৰে যাতে ছাত্ৰ-ছাত্ৰীসকলে খৰধৰ নকৰাকৈ নিজস্ব গতিবেগত শিক্ষাগ্ৰহণ কৰিব পাৰে।
সমস্যা- বিদ্যাৰ্থীসকলক এই ভয়ে খুলি খায় যে তেওঁলোক কেনেবাকৈ পিছ পৰি ৰ’ব।

সমস্যা- গৱেষণাৰ বাবে অপৰ্যাপ্ত সমল বা অধিকাৰ।
BasicFirst-ৰ সমাধান - ছাত্ৰ-ছাত্ৰীসকল নিশ্চিন্ত হৈ থাকিব পাৰে যে তেওঁলোকৰ আটাইবোৰ শিক্ষাৰ প্ৰয়োজনৰ ভালদৰেই ধ্যান ৰখা হ’ব। পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, জীৱ বিজ্ঞান, বিজ্ঞান, ভূগোল, বাণিজ্য বিদ্যা আৰু বহুতো বিষয়ৰ লাৰ্ণিং মডিউলত এখন বিনামূলীয়া উইকি (Wiki) উপলব্ধ আছে। শিক্ষাৰ্থীসকলে সহজতে ৰেফাৰেন্স নোটছ বনোৱাৰ লগতে খৰচি মাৰি বুজিবৰ বাবে গভীৰ অধ্যয়নো কৰিব পাৰিব। ইয়াৰোপৰি বিনামূলীয়া কিতাপৰ সমাধান, SWOT বিশ্লেষণ আৰু 750 ৰো অধিক প্ৰি তথা পোষ্ট মূল্যায়ন, ম’ক-আপ আৰু অনুশীলন পৰীক্ষণে নিশ্চিত কৰিব যে আপুনি নিজৰ ফাইনেল পৰীক্ষাৰ বাবে একেবাৰে সাজু হৈছে।
সমস্যা- খোকোজা লগা সমস্যা বহুতো কিন্তু সেইবোৰ সমাধানৰ পথ নাই।
BasicFirst-ৰ সমাধান - কোনোবা এটা বিষয়ত সন্দেহ বা প্ৰশ্ন থকাটো স্বাভাৱিক নে? কিন্তু অনেক বিদ্যালয় আৰু মহাবিদ্যালয়ে এতিয়াও এই সমস্যাৰ সৈতে কেনেকৈ যুঁজিব লাগে সেইবিষয়ে চিন্তা-চৰ্চা কৰিহে আছে। BasicFirst-ত আছে প্ৰতিটো বিষয়ৰ অসীমিত সন্দেহ নিৰসন কৰাৰ উপায়, যাৰ দ্বাৰা শিক্ষাৰ্থীসকলে আত্মবিশ্বাস লাভ কৰাই নহয়, নিজৰ পাঠ্যক্ৰমক লৈ অধিক সুৰক্ষিত অনুভৱ কৰে। 30 বছৰৰো অধিক অভিজ্ঞতাপূৰ্ণ জ্ঞানী, ধৈৰ্যশীল আৰু বন্ধুসুলভ শিক্ষকৰ সৈতে যিকোনো সময়তে চাট, ভয়ছ বা ভিডিঅ’ কলৰ যোগেদি যোগাযোগ কৰিব পৰা যায়।
সমস্যা- একেখন কেলেণ্ডাৰতে সকলোখিনি সাঙুৰি ল’ব নোৱাৰি।
BasicFirst-ৰ সমাধান - কেতিয়াবা অবাস্তৱিক একাডেমিক কেলেণ্ডাৰৰ সৈতে নিজকে খাপ খুৱাবলৈ বিদ্যাৰ্থীসকলে সংগ্ৰাম কৰিবলগীয়া হয়। ইয়াত তাৰ পৰিবৰ্তে নিজেই কেলেণ্ডাৰ সাজু কৰি শিক্ষকৰ সহায়ত সেইমতে গাইড লাভ কৰাৰ সুযোগ দিয়া হয়। পাঠ্যক্ৰমৰ সমল সলনি কৰিবৰ বাবে প্ৰি আৰু পোষ্ট মূল্যায়নসমূহ সলনি কৰি থকা হয়, আনহাতে SWOT বিশ্লেষণে নিশ্চিত কৰে যাত প্ৰতিগৰাকী শিক্ষাৰ্থী আগুৱাই যাব পাৰিছে।

সমস্যা- জটিল বিষয়ত পাঠদান কৰা।
BasicFirst-ৰ সমাধান - প্ৰতিটো ক’ৰ্ছতে এনে বিষয় থাকে যিবোৰ বুজাটো একেবাৰে সহজ আৰু কিছু বিষয় থাকে যিবোৰত অধিক সময় আৰু ব্যাখ্যাৰ প্ৰয়োজন। প্ৰতিটো জটিল সমস্যাকে সৰু সৰু অংশত ভাগ কৰি BasicFirst-এ প্ৰতিগৰাকী শিক্ষাৰ্থীকে তেওঁলোকৰ ক’ৰ্ছবিলাক খৰচি মাৰি বুজাত, মনত ৰখাত আৰু প্ৰয়োগ কৰাত সহায় কৰে।
সমস্যা- দূৰৱৰ্তী অৱস্থান আৰু ভ্ৰমণ।
BasicFirst-ৰ সমাধান - এতিয়া আৰু ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱক তেওঁলোক বাস কৰা স্থানতে সীমিত হৈ থকাৰ প্ৰয়োজন নাই, যিকোনো স্থানৰ পৰাই শিক্ষা আহৰণ কৰিব পাৰি। এইয়া এটা মোবাইল এপৰ দ্বাৰা অফলাইন ম’ডত আপোনাৰ নিকটতম BasicFirst বিতৰণ কেন্দ্ৰত আপোনাৰ টেব/ফোনত 2D আৰু 3D সমল আপল’ড কৰাৰ নিচিনাই সহজ। যিকোনো টেষ্ট, পৰীক্ষা বা ৰিভিশ্যনৰ বাবে প্ৰস্তুত হোৱাটো কেতিয়াও ইয়াৰ নিচিনা সহজ নাছিল। ইয়াৰোপৰি, সহপাঠীৰ সৈতে আলোচনা কৰিবৰ বাবে আছে এটা চেনেল- যিটোৱে প্ৰদান কৰে এটা দলীয় অনুভূতি, য’ত সহপাঠী ছাত্ৰ-ছাত্ৰীসকলে চিন্তা-চৰ্চা ভাগ-বতৰা কৰি একেটা লক্ষ্যৰ ফালে আগুৱাই গৈ আছে।
অৱশেষত, BasicFirst-এ এক সুপৰিকল্পিত পথ ব্যৱহাৰৰ যোগেদি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীকে শৈক্ষিক সাফল্য লাভ কৰিবৰ বাবে নিজকে খাপ খুৱাই লৈ বিকাশ আৰু অগ্ৰগতি সম্ভৱ কৰি তোলে। য’ত অন্য শৈক্ষিক প্ৰতিষ্ঠানে এতিয়াও শিক্ষাক আনন্দদায়ক, বাস্তৱিক আৰু বন্ধুত্বসুলভ কৰি তুলিবলৈ পথৰ সন্ধান কৰি ফুৰিছে, BasicFirst-ৰ দৰে এক বিশ্বাসযোগ্য ই-লাৰ্ণিং সঁজুলিৰ সহায়ত ভৱিষ্যতৰ প্ৰজন্মৰ কৰ্মচাৰী, নেতৃস্থানীয় ব্যক্তি আৰু পেছাদাৰী লোকক এক ঊজ্জ্বল ভৱিষ্যতৰ পথ দেখুৱাব পৰা যায়।
আপোনাৰ নিজস্ব পাঠ্যক্ৰমৰ বাবে ইয়াত ক্লিক কৰক।
এইটো এক পাৰ্টনাৰড পোষ্ট।












