প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পাবলৈ কণমানি গজৰাজৰ জলকেলি, কাষতে পহৰা দিছে মাতৃয়ে! ভাইৰেল ভিডিঅ’
ভাৰতীয় বন সেৱাৰ সুশান্ত নন্দাই টুইট কৰিছিল ৫১ ছেকেণ্ডৰ এই ভিডিঅ'টো।
ভাৰতীয় বন সেৱাৰ সুশান্ত নন্দাই টুইট কৰিছিল ৫১ ছেকেণ্ডৰ এই ভিডিঅ'টো।
- News18 Assam
- Last Updated: April 13, 2021, 4:17 PM IST
ভাৰতীয় বন সেৱাৰ সুশান্ত নন্দাই টুইট কৰিছিল ৫১ ছেকেণ্ডৰ এই ভিডিঅ'টো। ভিডিঅ'টোত দেখুওৱা হৈছে যে হাতীৰ পোৱালিটোৱে প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পাবলৈ পানীৰে ভৰ্তি এটা টাবত ডুব মাৰিছিল আৰু পানীৰ সৈতে খেলিছিল। ইপিনে পোৱালিটো পানীৰ সৈতে খেলি থকা এই ভিডিঅ'টোত, হাতী পোৱালিটোৰ মাতৃকো টাবৰ চাৰিওফালে খোজ কাঢ়ি থকা দেখিবলৈ পোৱা গৈছে ৷ যাৰ দ্বাৰা প্ৰতিফলিত হৈছে মাতৃৰ মমতা ৷
“চাওক এই গৰমত কোনে মাতৃৰ সতৰ্ক দৃষ্টিৰ মাজত পানীৰে খেলিছে ” এইদৰে লিখি টুইটটোত কৰিছিল নন্দাই । টুইটাৰ ব্যৱহাৰকাৰীসকলে ভিডিঅ'টো ভাল পাইছিল আৰু নন্দাৰ টুইটৰ কমেণ্ট শাখাত হাৰ্ট ইমোটিকনৰ ৰূপত তেওঁলোকৰ মৰম প্ৰকাশ কৰিছিল।
See who is chilling in this hot summer under the watchful eyes of mother pic.twitter.com/5yBhQYj73m
— Susanta Nanda IFS (@susantananda3) April 11, 2021
উল্লেখ্য যে, জন্তুবোৰে বিশেষকৈ হাতীয়ে গা ধুই খুব আনন্দ লাভ কৰে কিয়নো সিহঁতে পানী খুব ভাল পায়। ইপিনে নন্দাই সাধাৰণতে জন্তুবোৰৰ হৃদয়স্পৰ্শী আচৰণৰ ভিডিঅ' প্ৰায়ে পোষ্ট কৰা দেখা যায়।












