মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»বোক্সীঃ বলিউদত পূৰ্ণাংগ ছবি পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰিলে অসমীয়া যুৱক ভাৰ্গৱে

বোক্সীঃ বলিউদত পূৰ্ণাংগ ছবি পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰিলে অসমীয়া যুৱক ভাৰ্গৱে

News18 Assam | News18-Assam
Updated:September 4, 2021, 9:33 AM IST
বোক্সীঃ বলিউদত পূৰ্ণাংগ ছবি পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰিলে অসমীয়া যুৱক ভাৰ্গৱে
ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত  'এৱেকেনিংচ্' আৰু 'দ্য ব্লেক কেট' নামৰ দুখন ভৌতিক-ফেণ্টাচী চুটি ছবিৰ জৰিয়তে পৰিচালক ৰূপে বিপুল সফলতা আৰু সঁহাৰি লাভ কৰিছিল ভাৰ্গৱে।

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত  'এৱেকেনিংচ্' আৰু 'দ্য ব্লেক কেট' নামৰ দুখন ভৌতিক-ফেণ্টাচী চুটি ছবিৰ জৰিয়তে পৰিচালক ৰূপে বিপুল সফলতা আৰু সঁহাৰি লাভ কৰিছিল ভাৰ্গৱে।

  • Share this:
'বোক্সী" ! এটা নেপালী শব্দ। নেপালী ভাষাত বোক্সী শব্দৰ অৰ্থ হৈছে ডাইনী ৷ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত  'এৱেকেনিংচ্' আৰু 'দ্য ব্লেক কেট' নামৰ দুখন ভৌতিক-ফেণ্টাচী চুটি ছবিৰ জৰিয়তে পৰিচালক ৰূপে বিপুল সফলতা আৰু সঁহাৰি লাভ কৰাৰ পাছত বিশ্বনাথ চাৰিআলিৰ ভাৰ্গৱ শইকীয়াই এইবাৰ 'বোক্সী' নামৰ এখন পূৰ্ণ দৈঘ্যৰ হিন্দী ভৌতিক-ফেণ্টাচী ছবিৰ দৃশ্য গ্ৰহণ কৰিবলৈ টঙালি বান্ধিছে।

ছবিখনৰ প্ৰথম পৰ্যায়ৰ দৃশ্য গ্ৰহণ ২৩ ছেপ্টেম্বৰৰ পৰা দাৰ্জিলিং আৰু চিকিমৰ অভয়াৰণ্যত আৰম্ভ হ'ব। প্ৰথমবাৰৰ কাৰণে পূৰ্ণ দৈঘ্যৰ ছবিৰ পৰিচালক হিচাপে বোলছবি জগতত ভূমুকি মৰা ভাৰ্গৱৰ 'বোক্সী' ছবিখনত মুখ্য ভূমিকা ল'ব মোম্বাইৰ 'পৰী', 'কৰখ' বোলছবি আৰু 'নেটফ্লিক্স-বি বি চিৰ 'এ চুইটএব'ল বয়' চিৰিজত অভিনয় কৰি খ্যাতি অৰ্জন কৰা বহু চৰ্চিত অভিনেত্ৰী মানসী মুলতানী আৰু 'কালাৰ্ছ'ৰ অন লাইনৰ ভূট ৱেব চিৰিজৰ 'কেণ্ডি' আৰু প্ৰখ্যাত পৰিচালক প্ৰতীক গান্ধীৰ ছবি 'ডেৰ বিঘা জামিন'ত কাম কৰি থকা নৱ প্ৰজন্মৰ শিল্পী প্ৰসন্না বিষ্টে।

বোক্সী' ছবিত ভাস্কৰ হাজৰিকাৰ 'কথা নদী'ৰ তেজীমলা, 'কানিন' আৰু জাহ্নু বৰুৱাৰ 'ভগা খিড়িকী'ত বিশেষ ভুমিকা লোৱা অসমৰ কাচভী শৰ্মাক অন্য এক ৰূপত দেখা পোৱা যাব। কাচভীৰ বাহিৰেও আন কেইবাগৰাকী অসমৰ নৱাগতাই স্থান পাব ছবিখনত। ভৌতিক ছবিৰ ক্ষেত্ৰত তেনেই চালুকীয়া অৱস্থাত থকা বলীউদৰ জগতখনত 'বোক্সী' ছবিখনে এক নৱ আলোড়ন আনিব বুলি পৰিচালক ভাৰ্গৱ শইকীয়া খুবেই আশাবাদী।
Published by: Himangshu Bhuyan
First published: September 4, 2021, 9:33 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি