Bigg Boss OTT Urfi Javed: নিগনিয়ে কুটিলে নেকি চোলা! উৰ্ফি জাভেদৰ ফটো দেখি হুচ উৰি গ'ল নেটিজেনৰ, কৰিলে এই মন্তব্য...
উৰ্ফি জাভেদ
ভাইৰেল হোৱা ভিডিঅ'টোত উৰ্ফিয়ে নীলা চুটি জেকেট পিন্ধি থকা দেখা গৈছে। (Bigg Boss OTT, Urfi Javed)
- News18 Assam
- Last Updated: September 4, 2021, 9:35 PM IST
বিগ বছ (বিগ বছ অ'টিটি)ৰ ঘৰত বৰ বেছি দীঘলীয়া সময়লৈ নাছিল উৰ্ফি । তাৰ পিছতে তেওঁক কিছুদিন আগতে মুম্বাই বিমানবন্দৰত দেখা গৈছিল। তাতেই এটা অদ্ভুত পোছাক পিন্ধি থকা দেখা গৈছিল উৰ্ফিক। লগে লগে ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। তেওঁৰ এই পোছাকে নেটিজেনসকলক আচৰিত কৰি তুলিছে।
ভাইৰেল হোৱা ভিডিঅ'টোত উৰ্ফিয়ে নীলা চুটি জেকেট এটা পিন্ধি থকা দেখা গৈছে। জেকেটটো ইমানেই চুটি আছিল যে তেওঁৰ গোটেই অন্তর্বাসটি বাহিৰলৈ ওলাই পৰিছিল আৰু দৃশ্যমান হৈ আছিল। ভিডিঅ'টোছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। তাৰ পিছতে নেটিজেনসকলে প্ৰশ্ন কৰিছিল। এজন ইউজাৰে সুধিয়েই পেলাইছিল, "নিগনিয়ে কুটিলে নেকি চোলাটো?"
বিগ বছৰ পৰা বাহিৰ হোৱাৰ পিছত উৰ্ফিয়ে কৈছিল, "মই এতিয়াও কান্দি আছোঁ। মই বুজাব নোৱাৰো যে মই কিমান নিৰাশ হৈ পৰিছোঁ। মই এতিয়াও ভাবো যে মই সেই ঘৰটোত থকাৰ যোগ্য। মই মোৰ নিজৰ ১০০ শতাংশ দিছিলোঁ। মই এইটোও জানো যে সেই ঘৰটোত বহুতো প্ৰতিযোগী আছে যিয়ে খোৱা আৰু গালি দিয়াৰ বাহিৰে আন একো নকৰে।"
বিগ বছৰ ঘৰত থাকোতে উৰ্ফিয়ে বহু বিস্ফোৰক মন্তব্য কৰিছিল। ঘৰটোৰ এটা কেমেৰালৈ চাই উৰ্ফিয়ে কৈছিল যে বিগ বছৰ ঘৰত যৌন সম্ভোগ চলি আছে। এই কথাটো সত্য বুলি বেছ কিছু জোৰ দি কৈছিল উৰ্ফিয়ে। সেইগৰাকী উৰ্ফি এতিয়া বিখ্যাত হৈছে অদভূত পোছাক পিন্ধাৰ বাবে।













