সংবাদ মাধ্যমৰ বিৰুদ্ধে ক্ষুব্ধ বলীউদৰ মোহময়ী অভিনেত্ৰী কৃতি সেনন, ক’লে – সীমাত থাকি সাংবাদিকতা কৰক
ইয়াৰ পূৰ্বেও প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ আন্ত্যেষ্টিক্ৰিয়াৰ বাতৰি সম্প্ৰচাৰ কৰিবলৈ যোৱা সংবাদ মাধ্যমক সমালোচনা কৰিছিল কৃতিয়ে।
ইয়াৰ পূৰ্বেও প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ আন্ত্যেষ্টিক্ৰিয়াৰ বাতৰি সম্প্ৰচাৰ কৰিবলৈ যোৱা সংবাদ মাধ্যমক সমালোচনা কৰিছিল কৃতিয়ে।
- News18 Assam
- Last Updated: September 5, 2021, 12:09 PM IST
কৃতিয়ে একাংশ অনলাইন ৱেব পৰ্টেলৰ কাণ্ড-কাৰখানাক সমালোচনা কৰি নিজৰ ইনষ্টাগ্ৰাম পেজত লিখিছে, "মই দেখি লজ্জিত হৈছো, আমাৰ একাংশ অনলাইন ৱেব পৰ্টেল আৰু ফটোগ্ৰাফাৰ কেনেকৈ ইমান অসংবেদনশীল হ'ব পাৰে। এয়া আন্ত্যেষ্টিক্ৰিয়াহে, কোনো মনোৰঞ্জনৰ বাতৰি নহয়। সকলোকে অলপ সাম্যক জ্ঞানৰ প্ৰয়োজন। সীমাত থাকি সাংবাদিকতা কৰক। মই আগতেও কৈছো আৰু এতিয়াও ক'ম, আন্ত্যেষ্টিক্ৰিয়াৰ বাতৰি সম্প্ৰচাৰ কৰা বন্ধ কৰক।"
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ আন্ত্যেষ্টিক্ৰিয়াৰ বাতৰি সম্প্ৰচাৰ কৰিবলৈ যোৱা সংবাদ মাধ্যমক সমালোচনা কৰিছিল কৃতিয়ে। সেই সময়তো চেলিব্ৰেটীৰ ফটো উঠাবলৈ হেতা-ওপৰা লগোৱা একাংশ ফটোগ্ৰাফাৰৰ কাণ্ডত ক্ষোভিত হৈছিল বহু চেলিব্ৰেটী।













