সাতামপুৰুষীয়া পৰম্পৰাক সাৰোগত কৰি দীঘলী বিলত মাছ ধৰিলে কেইবাখনো গাঁৱৰ ৰাইজে। 

News18 Assam | News18-Assam
Updated:April 13, 2021, 6:06 PM IST
 সাতামপুৰুষীয়া পৰম্পৰাক সাৰোগত কৰি দীঘলী বিলত মাছ ধৰিলে কেইবাখনো গাঁৱৰ ৰাইজে। 
উৰুকাৰ ব্যস্ততাৰ মাজতেই জাকৈ, খালৈ, পল, চেপা, জাল আদি হাতে হাতে লৈ মাছ ধৰিবলৈ নমা অগনন লোকৰ উপস্থিতিৰে আজি মুখৰিত হৈ পৰিল বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দীঘলী বিল।

উৰুকাৰ ব্যস্ততাৰ মাজতেই জাকৈ, খালৈ, পল, চেপা, জাল আদি হাতে হাতে লৈ মাছ ধৰিবলৈ নমা অগনন লোকৰ উপস্থিতিৰে আজি মুখৰিত হৈ পৰিল বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দীঘলী বিল।

  • Share this:
আজি ৰঙালী বিহুৰ  উৰুকা। উৰুকাৰ নিশা জুতি লগাই এসাজ খোৱাৰ  বাবে সকলোৱে  যা-যোগাৰ কৰাত ব্যস্ত।উৰুকাৰ ব্যস্ততাৰ মাজতেই জাকৈ, খালৈ, পল, চেপা, জাল আদি হাতে হাতে লৈ মাছ ধৰিবলৈ নমা অগনন লোকৰ উপস্থিতিৰে আজি মুখৰিত হৈ পৰিল বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দীঘলী বিল।

উল্লেখযোগ্য যে প্ৰায় দুশ বছৰ ধৰি ব'হাগ বিহুৰ উৰুকাৰ দিনা নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ ৰাইজে মাজগাঁও, চকলাঘাট আৰু সোনাইৰ মাজত অৱস্থিত দীঘলী বিলত পৰম্পৰাগতভাৱে পালন কৰি আহিছে এই সমূহীয়া মাছ ধৰা উৎসৱ। এইবেলিও গঞা ৰাইজে ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে পালন কৰিছে সমূহীয়া মাছ ধৰা উৎসৱ। আজি পুৱাৰে পৰা জাজৰি, নসত্ৰ, ৰাইডঙীয়া, কাছমাৰী, পুখুৰীপাৰ, মাজগাঁও, কুজিদাহ, দলংঘাট, গাখজুৱা, বৰচিলা, শিমলুগুৰি, নভেটি, দীঘলীপাৰ, বৰডুবিয়া আইভেটি, খৌৰামোচৰ, দৰঙীয়াল, খাটোৱাল গাওঁ, ক্ষেত্ৰী গাওঁ, গজপুৰীয়া, হাতীচোং, গেদাৰবড়ি ব্ৰাক্ষ্মণ গাওঁ আদি বিভিন্ন গাঁৱৰ পৰা দীঘলী বিললৈ মাছ ধৰিবলৈ আৰু মাছ ধৰাৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ অহা অগনন গঞা ৰাইজৰ উপস্থিতিৰে ঐতিহ্যমণ্ডিত দীঘলী বিলৰ পাৰত এক উদুলি মুদুলি পৰিবেশ সৃষ্টি হয়। এনেদৰে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সমবেত হোৱা ৰাইজে দীঘলী বিলক এক সমন্বয়ৰ থলীলৈ ৰূপান্তৰ কৰে।

ৰং ধেমালিৰ মাজেৰে ঐক্য সংহতিৰ উৎকৃষ্ট চানেকি দাঙি ধৰি গাঁৱৰ পুৰুষ মহিলা, ডেকা গাভৰুৰ লগতে কণ কণ ল'ৰা ছোৱালীয়েও মাছ ধৰাৰ বাবে বিলৰ পানীত নামে যদিও পূৰ্বৰ তুলনাত মাছৰ সংখ্যা ভালেসংখ্যক হ্ৰাস পোৱাৰ কাৰণে অধিকাংশই মাছ পোৱাত সক্ষম নহয়। কিন্তু ইয়াৰ বাবে কোনেওঁ দুখ প্ৰকাশ নকৰি উৰুকাৰ বহু আকাংক্ষিত এই দিনটোত দীঘলী বিলত পৰম্পৰাক জীপাল কৰি তোলে। আনকি বহু কেইজন লোকে বিলৰ পাৰতেই বিহুগীত জুৰি নৃত্য গীতত মচগুল হৈ বিহুৰ আনন্দত মতলীয়া হৈ এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰে।সমূহীয়া মাছ ধৰা চাবলৈ বিভিন্ন দূৰদূৰণিৰ পৰা আহি  ৰাইজ বিলৰ পাৰত উপস্থিত হয়হি।
Published by: Kokil Sarma
First published: April 13, 2021, 6:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি