Kareena Kapoor Khan| viral video : জেহৰ ফটো তোলা দেখিয়েই খঙত অগ্নিশৰ্মা হ'ল টাইমুৰ, ফটোগ্ৰাফাৰক দিলে ধমক, দুই সন্তানৰ সৈতে কৰীণাৰ ভিডিঅ' ভাইৰেল
কৰীণা কাপুৰ খান(Kareena Kapoor Khan)এ দুই সন্তানক লৈ ঘৰৰ পৰা ওলোৱাৰ সময়তে কেমেৰা দেখি চিঞৰি উঠে টাইমুৰ (Taimur)। জেহ (Jeh) আৰু কৰীণাৰ লগতে টাইমুৰক অনুসৰণ কৰিবলৈ ধৰা পাপাৰাজ্জিৰ কাণ্ডত বৰকৈ অতিষ্ঠ হৈ টাইমুৰে দিলে ধমক।
কৰীণা কাপুৰ খান(Kareena Kapoor Khan)এ দুই সন্তানক লৈ ঘৰৰ পৰা ওলোৱাৰ সময়তে কেমেৰা দেখি চিঞৰি উঠে টাইমুৰ (Taimur)। জেহ (Jeh) আৰু কৰীণাৰ লগতে টাইমুৰক অনুসৰণ কৰিবলৈ ধৰা পাপাৰাজ্জিৰ কাণ্ডত বৰকৈ অতিষ্ঠ হৈ টাইমুৰে দিলে ধমক।
- News18 Assam
- Last Updated: September 4, 2021, 11:48 PM IST
কৰীণা কাপুৰ খান (Kareena Kapoor Khan)। বলীউডৰ অন্যতম জনপ্ৰিয় নায়িকা। কৰীণা অভিনীত প্রায়ভাগ ছবিয়েই ছুপাৰহিট হৈছে। প্রথমখন ছবিৰ পৰাই সকলোৰে প্ৰিয় অভিনেত্ৰী হৈ পৰে কৰীণা। এই বছৰেই দ্বিতীয় সন্তানৰ জন্ম দিছে কৰীণা কাপুৰ খানে। কৰীণা আৰু ছইফ আলী খানৰ (saif ali khan) সংসাৰত ইতিমধ্যে আছিল টাইমুৰ। তাৰ পিছতেই আহিল কণমানি জেহ বা জাহাংগীৰ। জেহৰ জন্মৰ পিছত কেইবামাহো লোক চক্ষুৰ পৰা আঁতৰাই ৰাখিছিল কৰীণাই।
তাৰ এটা কাৰণ আছিল পাপাৰাজ্জিৰ কেমেৰা। টাইমুৰ জন্মৰ পিছৰে পৰা পাপাৰাজ্জিয়ে একপ্ৰকাৰ অতিষ্ঠ কৰি তোলে কৰীণাৰ জীৱন। য'তেই কৰীণাৰ গমন হয় তাতেই হাজিৰ হয় কেমেৰা। টাইমুৰৰ নামক লৈও বিতৰ্ক হোৱাত কেমেৰাৰ প্ৰকোপ বাঢ়ি যায়। সৰুৰে পৰা এই কেমেৰাৰ কাৰবাৰটো দেখিয়ে ছাগৈ কেমেৰা দেখিলে খঙাল হৈ পৰে কণমানি টাইমুৰ। তেনে এক পৰিবেশেই শনিবাৰে দেখা যায় কৰীণাৰ ঘৰৰ সন্মুখত।
View this post on Instagram
তাৰ পিছতে ছচিয়েল মিডিয়াত ভাইৰেল (viral video) পৰিছে এই ভিডিঅ'।













