Curd Side Effects : এইসকল লোকে খাব নেলাগে দৈ, হ'ব পাৰে ডাঙৰ লোকচানৰ সন্মুখীন...
দৈ নিয়মিত সেৱন কৰিলে ই কলেষ্টেৰল (Cholesterol) আৰু উচ্চ ৰক্তচাপ (High Blood Pressur)ৰ সমস্যা হ্ৰাস কৰে। কিন্তু কিছুমান লোকৰ বাবে দৈয়ে স্বাস্থ্যৰ ক্ষতিসাাধন কৰে।
দৈ নিয়মিত সেৱন কৰিলে ই কলেষ্টেৰল (Cholesterol) আৰু উচ্চ ৰক্তচাপ (High Blood Pressur)ৰ সমস্যা হ্ৰাস কৰে। কিন্তু কিছুমান লোকৰ বাবে দৈয়ে স্বাস্থ্যৰ ক্ষতিসাাধন কৰে।
- News18 Assam
- Last Updated: August 17, 2021, 5:00 PM IST
আৰ্থাৰাইটিছ ৰোগীৰ বাবে-
সাধাৰণতে দৈৰ সেৱন হাড় আৰু দাঁতৰ বাবে বাল বুলি ধৰা হয়। কিন্তু আৰ্থাৰাইটিছৰ ৰোগীসকলে দৈৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে। দৈৰ সেৱনে ইয়াৰ বিষৰ সমস্যা আৰু বৃদ্ধি কৰে।
যদি আপোনাৰ উশাহ-নিশাহৰ সৈতে জড়িত কিবা সমস্যা আছে বা যদি আপুনি এজমা বা হাপানি ৰোগৰ ৰোগী তেন্তে দৈৰ সেৱন একেবাৰে ত্যাগ কৰক। যদি কেতিয়াবা দৈ খাব লগীয়া হয় দিনতহে খাব ৰাতি কোনো কাৰণতে দৈ নেখাব।
গাখীৰৰ এলাৰ্জী-
যিসকলৰ বহুত বেছি লেক্টোজ ইনচোলাৰেন্স বা গাখীৰৰ এলাৰ্জীৰ সমস্যা আছে , তেওঁলোকে দৈ খাব নালাগে। এনে ধৰণৰ লোকে দৈ খালে ডায়েৰিয়া ৰোগ বা পেটৰ বিষৰ সমস্যা হ'ব পাৰে।
যিসকল লোকৰ অধিক এচিডিটিৰ সমস্যা আছে, তেওঁলোকে কেতিয়াও দৈ খাব নেলাগে। বিশেষকৈ ৰাতি দৈ খাবই নেলাগে।
(Disclaimer: এই নিবন্ধটোত উল্লেখিত সকলো তথ্য সাধাৰণ তথ্যৰ ওপৰত আধাৰিত।নিউজ১৮ অসম নৰ্থইষ্ট ইয়াৰ বাবে দায়বদ্ধ নহয়। এইবোৰ ব্যৱহাৰিক ভাবে গ্ৰহণ কৰাৰ আগতে সম্বন্ধিত বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰি ল'ব।)













