News18 AssamNews18 Assam
|
News18-Assam Updated:August 21, 2021, 10:06 AM IST
বহুলোকে স্বাস্থ্যগত কাৰণতো নিজৰ খাদ্যৰ তালিকাত গুড় অন্তৰ্ভুক্ত কৰে। কিন্তু এই গুড়ে শৰীৰত কিছু পাৰ্শ্ব প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰে।
বহুলোকে স্বাস্থ্যগত কাৰণতো নিজৰ খাদ্যৰ তালিকাত গুড় অন্তৰ্ভুক্ত কৰে। কিন্তু এই গুড়ে শৰীৰত কিছু পাৰ্শ্ব প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰে।
কম বেছি পৰিমাণে বহুলোকেই দুপৰীয়া বা নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত মিঠা বস্তু খাবলৈ পছন্দ কৰে।তেনে ক্ষেত্ৰত বজাৰৰ পৰা অনা মিঠাই অথবা আইচক্ৰিমৰ বিকল্প হিচাবে বহুতে গুড় ( Jaggery) খাবলৈ পছন্দ কৰে। বহুলোকে স্বাস্থ্যগত কাৰণতো নিজৰ খাদ্যৰ তালিকাত গুড় অন্তৰ্ভুক্ত কৰে। কিন্তু এই গুড়ে শৰীৰত কিছু পাৰ্শ্ব প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰে।
- তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায়ঃ ১০০ গ্ৰাম গুড়ত প্ৰায় ৩৮৩ কেলৰি থাকে। সেই বাবে প্ৰতিদিনে খোৱাৰ পিছত অথবা অন্য কোনো ভাৱে অধিক গুড় খালে তেজত শৰ্কৰা বা ছুগাৰৰ মাত্ৰা বঢ়াই তুলিব পাৰে।
- বীজাণু সংক্ৰমণ হ'ব পাৰে- গ্ৰামাঞ্চলত গুৰ তৈয়াৰী বাবে যি পদ্ধতি ব্যৱহাৰ কৰা হয় সেয়া সম্পুৰ্ণ স্বাস্থ্যকৰ নহয় বুলি বহু গৱেষকে ক'ব বিচাৰে। গুড় প্ৰস্তুত কৰা পাত্ৰৰ পৰা আৰম্ভ কৰি গুড় মজুত ৰখা টিঙলৈ কিমান স্বাস্থ্যকৰ সেয়াও চিন্তাৰ বিষয়। আনহাতে গুড় তৈয়াৰৰ কেঁচা মাল অথাৎ কুঁহিয়াৰ বহু ক্ষেত্ৰত ধোৱা নহয়।
- এলাৰ্জিৰ সমস্যা হ'ব পাৰে- অধিক পৰিমাণে গুড় খালে ঠাণ্ডা লগা, বমিৰ ভাব, পেটৰ বিষ, মুৰৰ বিষ, কাহ আদি শাৰিৰীক সমস্যা হ'ব পাৰে। এনেকুৱা কিবা সমস্যা দেখা দিলে গুড় খোৱা কমাই দিব লাগে।
- ওজন বৃদ্ধি কৰে - বহুতেই শৰীৰৰ ওজন লৈ দুশ্চিন্তা কৰে। সেইসকল ব্যক্তিয়ে প্ৰতিদিনে গুড় খালে ওজন বৃদ্ধিৰ সমস্যা হ'ব পৰে। কাৰণ গুড়ত প্ৰচুৰ পৰিমাণে ফেট, প্ৰ'টিন, গ্লুকজ,ফ্ৰুক্টোজ আদি থাকে। সেইবাবে গুৰ খোৱাৰ আগত এই বিষয় সমূহ চাই লোৱা ভাল।
- কোষ্ঠকাঠিন্যৰ সমস্যা হ'ব পাৰে- সঠিক পৰিমাণে গুড় খালে শৰিৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। গুৰে পেট ঠণ্ডা ৰাখে । কিন্তু অধিক পৰিমাণে গুড় সেৱন কৰিলে হজম শক্তি হ্ৰাস কৰিব পাৰে। ফলত কোষ্ঠকাঠিন্যৰ সমস্যা হ'ব পাৰে।