ELEPHANT APPLE : ঔটেঙা আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী জানেনে? জানি লওক ঔটেঙাৰ গুণসমূহ
এছিয়া মহাদেশৰ ভিতৰত ফিলিপাইনৰ পিছত সৰ্বাধিক অসমত বেছিকৈ হোৱা এই ফলবিধ আমাৰ গাঁৱলীয়া সমাজত অতিকে জনপ্ৰিয়।
এছিয়া মহাদেশৰ ভিতৰত ফিলিপাইনৰ পিছত সৰ্বাধিক অসমত বেছিকৈ হোৱা এই ফলবিধ আমাৰ গাঁৱলীয়া সমাজত অতিকে জনপ্ৰিয়।
- News18 Assam
- Last Updated: August 20, 2021, 8:57 AM IST
অকল মানুহৰে নহ‘য় হাতীৰো এবিধ প্ৰিয় ফল হৈছে ঔটেঙা। সেইবাবেই ঔটেঙাক ইংৰাজীত এলিফেণ্ট এপল বুলি কোৱা হয়। এই ঔটেঙাৰ আছে বহুত স্বাস্থ্য উপকাৰী গুণ।বিভিন্ন গৱেষণাত এই কথা প্ৰকাশ যে নিয়মিত ঔটেঙা খালে বিভিন্ন ৰোগ আৰু ইয়াৰ উপসৰ্গসমূহ নিয়ন্ত্ৰণ কৰিব পাৰি।
হৃদযন্ত্ৰৰ বাবে অতিকৈ উপকাৰী ঔটেঙাত প্ৰচুৰ পৰিমাণে পটাচিয়াম থকাৰ বাবে তেজৰ কলেষ্টেৰল হ্ৰাস পায় আৰু হৃদয়ৰ গতি স্থিৰ কৰি ৰাখে। ফলত হৃদযন্ত্ৰ মজবুত, সুঠাম হৈ থাকে।
ইয়াৰোপৰি ঔটেঙা খালে টোপনি ভাল হ‘য়। সেইবাবে ই মানসিক চাপ হ্ৰাস কৰি স্মৃতি শক্তি বৃদ্ধি কৰি মানুহক মানসিক সুস্থিৰতা প্ৰদান কৰে। কিয়নো ইয়াত চেপুটিন আৰু টেনিন আদি উপাদান উপলব্ধ।
এণ্টি অক্সিডেণ্ট সমৃদ্ধ ঔটেঙা খালে বৃক্কৰ ৰোগ কমকৈ হ‘ব পাৰে। কিয়নো ইয়াত থকা এণ্টি অক্সিডেণ্টবোৰে দেহত জমা হোৱা বিষাক্ত দ্ৰব্য ফ্ৰী ৰেডিকেলসমূহ নিষ্কাশন কৰি বৃক্ক দুটি সবল কৰি ৰাখে।
ঔটেঙাত থকা ভিটামিন এইমানুহৰ চকুৰ দৃষ্টি শক্তি অটুট ৰখাত সহায় কৰে। সেয়ে দৈনিক ঔটেঙা খোৱাৰ অভ্যাস কৰিলে চকুৰ দৃষ্টি শক্তি বহুদিনলৈ ভাল কৰি ৰাখিব পাৰি। ঔটেঙা পেটৰ বাবে অতিকৈ উপকাৰী ফল। পেটৰ বিভিন্ন ৰোগ ডায়েৰীয়া, পেট চলা, গেছ আৰু পুৰণি কলেৰা ৰোগ আদি নিৰ্মূল কৰাত ঔটেঙাই উল্লেযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে।













