Impact Of Belly Fat : গুৰুতৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব খুজিছে যদি পেটৰ অতিৰিক্ত চৰ্বী কমাওক। হৃদ ৰোগৰো কাৰণ হ'ব পাৰে পেটৰ অতিৰিক্ত চৰ্বী। জানোঁ আহক সবিশেষ...
এটা বিশেষ অধ্যয়নত প্ৰকাশ যে কঁকালত জমা হোৱা চৰ্বীৰ ফলত হৃদৰোগ, টাইপ-2 ডায়েবেটিছ ,কেন্সাৰ আদি গুৰুতৰ ৰোগ হ'ব পাৰে। এনেক্ষেত্ৰত কিছুমান বিশেষ কৌশলেৰে পেটৰ চৰ্বী কমোৱাৰ লগতে উল্লেখিত গুৰুতৰ ৰোগ সমূহৰ পৰাও হাতসাৰি থাকিব পাৰি।
এটা বিশেষ অধ্যয়নত প্ৰকাশ যে কঁকালত জমা হোৱা চৰ্বীৰ ফলত হৃদৰোগ, টাইপ-2 ডায়েবেটিছ ,কেন্সাৰ আদি গুৰুতৰ ৰোগ হ'ব পাৰে। এনেক্ষেত্ৰত কিছুমান বিশেষ কৌশলেৰে পেটৰ চৰ্বী কমোৱাৰ লগতে উল্লেখিত গুৰুতৰ ৰোগ সমূহৰ পৰাও হাতসাৰি থাকিব পাৰি।
- News18 Assam
- Last Updated: August 21, 2021, 7:38 PM IST
১. নিয়মিতভাৱে ব্যায়াম আৰু খোজ কঢ়া :
নিয়মিতভাৱে খোজ কঢ়া আৰু ব্যায়ামৰ জৰিয়তে পেট আৰু ককালৰ চৰ্বী সহজতে কমাব পাৰি। বিশেষজ্ঞৰ মতে হাই ইনটেনচিটি ট্ৰেইনিং আৰু খোজকঢ়াই এই ক্ষেত্ৰত বিশেষ ভাৱে সহায় কৰে।অৱশ্যে প্ৰথম অৱস্থাত এনে ট্ৰেইনিং বিশেষজ্ঞৰ তত্বাৱধানতহে কৰা উচিত।
ব্যায়াম কৰাটো যিমান জৰুৰী সিমানে জৰুৰী আৰাম কৰাটো আৰু টোপনি সম্পূৰ্ণ কৰাটোও। অনিদ্ৰাৰ বাবে শাৰীৰিকভাৱে দূৰ্বল অনুভৱ হোৱাৰ লগতে ব্লাড ছুগাৰ অসন্তুলিত হ'ব পাৰে। সেয়েহে ৭/৮ ঘণ্টা টোপনি যোৱাটো শৰীৰৰ বাবে অতি প্ৰয়োজনীয়।
৩. সঠিক মাত্ৰাত আহাৰ গ্ৰহণ :
আমি কি খাদ্য সেৱন কৰিছো, তাৰ প্ৰতি সদায় লক্ষ্য ৰখা উচিত। কাৰণ আমাৰ শৰীৰত হোৱা মেটাবলিজম (Metabolism) প্ৰক্ৰিয়াৰ সময়ত সদায় ৮০ৰ পৰা ১০০ কেলৰি খৰচ হয়। এনেক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক খাদ্য খাব নেলাগে। লগতে সঠিক সময়ত সঠিক মাত্ৰাত সঠিক আহাৰহে গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হয়। আপুনি আপোনাৰ শৰীৰৰ আকাৰ অনুসৰি ডাক্তৰ বা ডায়েটিচিয়ান (Dietician)ৰ পৰা ডায়েট চাৰ্ট (Diet Chart) বনাই ল'ব পাৰে।
আপোনাক জনাই থওঁ যে, ডাক্তৰে কেতিয়াও ওজন কমাবলৈ বা খীণাবলৈ ভোকত থাকিবলৈ পৰামৰ্শ নিদিয়ে। বিশেষজ্ঞসকলৰ মতে ওজন হ্ৰাস কৰিবলৈ যিমান আহাৰ সেৱন কৰা যায়, তাৰ পৰা ৫০০ কেলৰি বাৰ্ণ কৰিব লাগে। বিজ্ঞানৰ ভাষাত ইয়াক হেল্ডী কেলৰি ডেফিচিট (Healthy Calorie Deficit) বুলি কোৱা হয়।













