মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Potato Milk : আলুৰ গাখীৰ খাই পাইছেনে? বিশ্বাস হোৱা নাই! পঢ়ক এই প্ৰতিবেদন

Potato Milk : আলুৰ গাখীৰ খাই পাইছেনে? বিশ্বাস হোৱা নাই! পঢ়ক এই প্ৰতিবেদন

Manjumoni Borah | News18-Assam
Updated:August 19, 2021, 9:36 PM IST
Potato Milk : আলুৰ গাখীৰ খাই পাইছেনে? বিশ্বাস হোৱা নাই! পঢ়ক এই প্ৰতিবেদন
ছুইডেনৰ কোম্পানীয়ে প্ৰস্তুত কৰিছে আলুৰ গাখীৰ (Potato Milk)

ছয়াবিনৰ গাখীৰ, নাৰিকলৰ গাখীৰ, আলমণ্ডৰ গাখীৰ আৰু কাজু বাদামৰ গাখীৰৰ পিছত আলুৰ গাখীৰ (Potato Milk) বজাৰলৈ আহিছে ।

  • Share this:
আলুৰ গাখীৰ! বিশ্বাস কৰাটো টানেই, কথাটো শুনোটেই কিবা আচহুৱা যেন লাগিছে! পিছে আলুৰ পৰা গাখীৰো (Potato Milk) পোৱা যায়। আপুনি-মই নোৱাৰোঁ কিন্তু আলুৰ পৰা গাখীৰ ফলিয়াইছে এটা কোম্পানীয়ে।




শেহতীয়াকৈ বিশ্বত গৰুৰ গাখীৰৰ বিকল্পৰূপে বিভিন্ন গাখীৰ বজাৰত ওলাইছে। ছয়াবিনৰ গাখীৰ, নাৰিকলৰ গাখীৰ, আলমণ্ডৰ গাখীৰ আৰু কাজু বাদামৰ গাখীৰৰ পিছত বজাৰলৈ আহিছে আলুৰ গাখীৰ।

ছুইডেনৰ  ভেজ অৱ লাণ্ড (Veg of Lund) নামৰ কোম্পানীয়েটোৱে আলুৰ পৰা গাখীৰ উলিয়াই বিশ্বক চমকিত কৰিছে। ডাগ ( DUG)  নামেৰে বজাৰত ইতিমধ্যে এৰি দিয়া হৈছে আলুৰ গাখীৰ।

কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া থমাছ ওলাণ্ডে (CEO Thomas Olander) দ্য় গাৰ্ডিয়ান (The Guardian) নামৰ কাকতখনক জনোৱা  মতে আলুৰ গাখীৰ অতি উপযোগী সকলো দিশৰ পৰা। বিশেষকৈ অন্য প্ৰকাৰৰ গাখীৰতকৈ ইয়াৰ প্ৰস্তুত প্ৰণালী অতি সৰল আৰু কম খৰচী বুলি জনায় থমাছে। ওটৰ গাখীৰ (oat milk) আৰু আলমণ্ড গাখীৰ (almond milk)ৰ তুলনাত ৫০ শতাংশ কম খৰচী হেনো আলুৰ গাখীৰ।



Published by: Manjumoni Borah
First published: August 19, 2021, 9:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি