মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»এনে ৰোগৰ বিৰুদ্ধে যুঁজি আছে ৰাজৰ খুলশালিয়েক–শিল্পাৰ ভনী শমিতা চেট্টী, খাব নোৱাৰে সাধাৰণ খাদ্য

এনে ৰোগৰ বিৰুদ্ধে যুঁজি আছে ৰাজৰ খুলশালিয়েক–শিল্পাৰ ভনী শমিতা চেট্টী, খাব নোৱাৰে সাধাৰণ খাদ্য

News18 Assam | News18-Assam
Updated:August 14, 2021, 6:47 PM IST
এনে ৰোগৰ বিৰুদ্ধে যুঁজি আছে ৰাজৰ খুলশালিয়েক–শিল্পাৰ ভনী শমিতা চেট্টী, খাব নোৱাৰে সাধাৰণ খাদ্য
ভোজপুৰী অভিনেত্ৰী অক্ষৰা সিঙে খাদ্যক লৈ বিগ বছক অভিযোগ দিয়াৰ পিছতে শমিতাই মুকলি কৰে এই কথা।

ভোজপুৰী অভিনেত্ৰী অক্ষৰা সিঙে খাদ্যক লৈ বিগ বছক অভিযোগ দিয়াৰ পিছতে শমিতাই মুকলি কৰে এই কথা।

  • Share this:

বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টী বৰ্তমান তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আছে। স্বামী ৰাজৰ পৰ্ন–কাণ্ডক লৈ এজনীৰ পিছত আনজনী অভিনেত্ৰীয়ে নিৰন্তৰ অভিযুক্ত কৰি আহিছে শিল্পাৰ স্বামীক। ইয়াৰ মাজতে শেহতীয়াকৈ শিল্পাৰ সৰু ভগ্নী, অভিনেত্ৰী শমিতা চেট্টীও বাতৰিলৈ আহিল। অৱশ্যে শমিতাই কোনো বিতৰ্কৰ বাবে নহয়, তেওঁ অসুস্থতাৰ বাবে চৰ্চাৰ মাজলৈ আহিছে।


শমিতাই অলপতে এটা অনুষ্ঠানত তেওঁৰ অসুস্থতাৰ বিষয়ে প্ৰকাশ কৰিছিল। শমিতাই কৈছিল যে কোলাইটিছ নামৰ এক বিশেষ ৰোগত ভুগি আছে তেওঁ। এই ৰোগৰ বাবে সাধাৰণ মানুহৰ দৰে সৰল খাদ্য খাব নোৱাৰে শমিতাই।


কোলাইটিছ কি আৰু কি কাৰণে শমিতাই ৰোগ সম্বন্ধে প্ৰকাশ কৰিছিল?



শমিতা চেট্টীক বৰ্তমান বিতৰ্কিত অনুষ্ঠান বিগ বছ অ'টিটি (Big Boss OTT)ত দেখা গৈছে। ঘৰুৱা বিবাদৰ বাবে এই অনুষ্ঠানটো প্ৰথম খণ্ডৰ পৰা শিৰোনাম দখল কৰি আছে। শমিতাক বিগ বছৰ ঘৰত খাবলৈ নিৰন্তৰ মাতি থকা দেখা গৈছে। আনহাতে, অনুষ্ঠানটোত অংশগ্ৰহণকাৰী ভোজপুৰী অভিনেত্ৰী অক্ষৰা সিঙে বিগ বছৰ ওচৰত অভিযোগ কৰিছিল যে কিছুমান প্ৰতিযোগীৰ বাবে তেওঁ সঠিক খাদ্য লাভ কৰা নাই। অক্ষৰা বিচলিত হৈছে কিয়নো শমিতাই সকলোকে এবিধ আহাৰ খোৱাত বাধা দিছে, যি কেৱল শমিতা আৰু নেহা ভাছিনৰ বাবে আছিল। এনে অৱস্থাতে তেওঁ প্ৰকাশ কৰিছিল যে তেওঁ কোলাইটিছত আক্ৰান্ত।


কোলাইটিছ হৈছে পেটৰ সংক্ৰমণ আৰু ইয়াক Inflammatory Bowel Disease বুলিও কোৱা হয়। ইয়াৰ ফলত বৃহদান্ত্ৰ আৰু ইয়াৰ দ্বাৰা পীড়িত ৰোগীৰ মলদ্বাৰৰ ভিতৰৰ অংশত যথেষ্ট জ্বলা-পোৰা আৰু বিষ হয়। ৰোগীৰ শৰীৰৰ এই স্থান ফুলি উঠে।


প্ৰদাহ সাধাৰণতে মলদ্বাৰ আৰু বৃহদান্ত্ৰৰ তলৰ অংশৰ পৰা আৰম্ভ হয় আৰু লাহে লাহে সমগ্ৰ মলাশয়লৈ বিয়পে। আনকি কোলাইটিছে ইলিয়াম নামৰ ক্ষুদ্ৰ অন্ত্ৰকো প্ৰভাৱিত কৰে। কোলাইটিছত ভুগি থকা ৰোগীৰ লক্ষণবোৰ নিৰ্ভৰ কৰে তেওঁৰ শৰীৰৰ কোনবোৰ অংশ ফুলিছে, তাৰ ওপৰত। ইয়াৰ দ্বাৰা প্ৰভাৱিত হোৱা ব্যক্তিয়ে পেটৰ বিষ, ভোক নলগা, মলদ্বাৰেৰে তেজ অহা, বহুত বেছি ব্লিডিঙৰ বাবে এনিমীয়া হোৱা, ভাগৰ লগা আদি লক্ষণবোৰ অনুভৱ কৰে। এনে লক্ষণ থকা ৰোগী এজনে সঠিক ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ বাবে লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

Published by: Gautam Barman
First published: August 14, 2021, 6:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি