Side Effects of Chilly : এনে ৫টা ৰোগত ভুগি থকা লোকে ভুলতো খাব নালাগে জলকীয়া, হ'ব পাৰে গুৰুতৰ বিপদ
এই বিষয়ত সজাগ নহ'লে জলকীয়াই বিপদ ঘটোৱাৰো আশংকা থাকে
এই বিষয়ত সজাগ নহ'লে জলকীয়াই বিপদ ঘটোৱাৰো আশংকা থাকে
- News18 Assam
- Last Updated: August 21, 2021, 11:55 PM IST
জলকীয়া নহ'লে নচলে। খাদ্যত ইয়াৰ আছে বিশেষ প্ৰভাব। সেয়ে জলকীয়া সকলো ৰন্ধন কাৰ্যতে ব্যৱহাৰ কৰা হয়। কিন্তু কিছুসংখ্যক লোকৰ বাবে জলকীয়া অপকাৰীও হ'ব পাৰে। এই বিষয়ত সজাগ নহ'লে জলকীয়াই বিপদ ঘটোৱাৰো আশংকা থাকে। জানি লও আহক কেনে কাৰণত জলকীয়া খোৱাটো উচিত নহয়।
(১) অত্যধিক জলকীয়া খালে হাপানিৰ ৰোগত আক্ৰান্ত লোকৰ বিপদ বৃদ্ধি হ'ব পাৰে। গতিকে যদি আপুনি হাপানি ৰোগী বা শ্বাস-প্ৰশ্বাসৰ ৰোগত আক্ৰান্ত, আপুনি জলকীয়া, বিশেষকৈ ৰঙা জলকীয়া সম্পূৰ্ণকৈ পৰিহাৰ কৰা উচিত।
(২) কোষ্ঠকাঠিন্যত ভোগা লোকসকলে একেবাৰে জলকীয়া খাব নালাগে, অন্যথা সমস্যাটোৱে পাইলছৰ ৰূপ লয়। ইয়াৰ উপৰি যিসকলৰ ইতিমধ্যে হেমৰইড আছে, তেওঁলোকৰ বাবে জলকীয়া সেৱনে তেওঁলোকৰ সমস্যা বৃদ্ধি কৰিব পাৰে।
(৩) ছালৰ সমস্যা থকা বা প্ৰায়ে ছালত চোকোৰা,খৰ–খজুৱতি থকা লোকসকলে জলকীয়া খাব নালাগে। সেউজীয়া জলকীয়াত কেপচাইচিন থাকে যিয়ে এই সমস্যাটো বৃদ্ধি কৰে।
(৪) পাকস্থলীৰ আলচাৰ থকা লোকসকলে জলকীয়া খোৱা সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগে। জলকীয়া খালে এনে ৰোগ গভীৰ কৰে।
(৫) এচিডিটি থকা লোকসকলে জলকীয়া খোৱা পৰিহাৰ কৰিব লাগে। বিশেষকৈ ৰঙা জলকীয়া একেবাৰে খাব নালাগে অন্যথা পেটৰ জ্বলা-পোৰা আৰু এচিডিটিৰ সমস্যা বহুত বেছি বৃদ্ধি পায়। ইয়াৰ উপৰি অত্যধিক জলকীয়া খোৱা লোক কেতিয়াবা ডায়েৰীয়াত ভোগে।













