Healthy Digestive System Tips : বদহজমীৰ সমস্যাৰ পৰা ৰক্ষা পাবলৈ অৱলম্বন কৰক এই ৭টা উপায়...
সুস্থ পাচন প্ৰক্ৰিয়াৰ বিশেষ কৌশল...যদি আপুনি হজম সম্পৰ্কীয় সমস্যাত ভূগি আছে আৰু আপোনাৰ পাচনতন্ত্ৰ শক্তিশালী কৰিব খুজিছে, তেনেহ'লে জীৱনশৈলীৰ সাল-সলনি কৰিব লাগিব।
সুস্থ পাচন প্ৰক্ৰিয়াৰ বিশেষ কৌশল...যদি আপুনি হজম সম্পৰ্কীয় সমস্যাত ভূগি আছে আৰু আপোনাৰ পাচনতন্ত্ৰ শক্তিশালী কৰিব খুজিছে, তেনেহ'লে জীৱনশৈলীৰ সাল-সলনি কৰিব লাগিব।
- News18 Assam
- Last Updated: August 18, 2021, 3:48 PM IST
পাচনতন্ত্ৰ বা পাচন প্ৰক্ৰিয়া (Digestive System) শক্তিশালী কৰিবলৈ কিছু ক্ষেত্ৰত জীৱন শৈলী সলনি কৰিব লাগিব। এনে কৰিবলৈ যাওঁতে তলত দিয়া ধৰণে কাৰ্য্য কৰিব লাগিব।
আঁহযুক্ত আহাৰ সেৱন:
চৰ্বীযুক্ত আহাৰৰ পৰিমাণ সীমিত কৰা :
খাদ্যাভ্যাসত যদি চৰ্বীযুক্ত আহাৰৰ পৰিমাণ বেছি হয় তেন্তে ই আমাৰ পাচন প্ৰক্ৰিয়া দূৰ্বল কৰি তোলে। অধিক চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰিলে শৌচ খোলোচা নহয়, ফলত পেটৰ নানানটা সমস্যাত ভূগিব লগীয়া হয়। গতিকে আঁহযুক্ত আহাৰৰ লগত চৰ্বিযুক্ত আহাৰৰ সামঞ্জস্য ৰাখিহে আহাৰ গ্ৰহণ কৰিব লাগে।
কম চৰ্বীযুক্ত মাংস গ্ৰহণ কৰক:
খাদ্যত প্ৰ'বায়'টিক আৰু প্ৰিবায়'টিক সেৱন:
খাদ্যত প্ৰ'বায়টিক আৰু প্ৰিবায়'টিক থকাটো বিশেষভাৱে প্ৰয়োজন। এনে খাদ্যত বেক্টেৰিয়া আৰু ইষ্ট থাকে যি পাচনতন্ত্ৰৰ বাবে বিশেষ প্ৰয়োজন। প্ৰ'বায়টিকচে পোষক তত্বৰ অৱশোষণ বঢ়োৱাৰ লগতে লেক্ট'জসমূহ ভঙাত সহায় কৰে, যাৰ ফলত ইমিউনিটি চিষ্টেম শক্তিশালী কৰে।
নিয়মিত সময়ত আহাৰ গ্ৰহণ কৰিব লাগে :
খাদ্য গ্ৰহণৰ এটা নিৰ্দিষ্ট সময় থাকিব লাগে আৰু সদায় একে সময়তে খাদ্য গ্ৰহণ কৰিব লাগে। পুৱাৰ জলপান গ্ৰহণ কৰাটো বিশেষ প্ৰয়োজন।
পৰ্যাপ্ত পানী সেৱন কৰিব লাগে :
পৰ্যাপ্ত পানী সেৱনে শৰীৰত থকা ফাইবাৰ সমূহ কোমল কৰাত সহায় কৰে আৰু শৌচ খোলোচা কৰাত সহায় কৰে ।পানী সেৱনে পাচন প্ৰক্ৰিয়াও সহজ কৰি তোলে।
নিয়মিত ব্যায়াম :
নিয়মিতভাৱে ব্যায়াম কৰিলে পাচনতন্ত্ৰই অধিক সক্ৰিয়তাৰে কাম কৰিবলৈ ধৰে। এনে কৰাৰ ফলত স্নায়ুতন্ত্ৰ শক্তিশালী হয়। নিয়মিত ব্যায়াম কৰাৰ ফলত আপোনাৰ ওজনো সঠিক জোখত ৰাখিব পৰা যায়।
(Disclaimer : এই প্ৰবন্ধটো লিখা তথ্যবোৰ সাধাৰণ তথ্যৰ ওপৰত আধৰিত। NEWS18 অসম নৰ্থইষ্ট ইয়াৰ বাবে দায়বদ্ধ নহয়। ইয়াক ব্যৱহাৰ কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে পৰামৰ্শ কৰি ল'ব।)













