১.৭ নিযুত বছৰ পূৰ্বে আফ্ৰিকাত উৎপত্তি হৈছিল আধুনিক মানৱ মগজু ! যি আকাৰত আছিল আজিৰ মানৱ মগজুৰ আধা !
২.৫ নিযুত বছৰ আগতে আফ্ৰিকাত উদ্ভৱ হোৱা হোমো প্ৰজাতিৰ পৰা আধুনিক মগজুৰ বিকাশ হৈছিল আৰু তেওঁলোকে পোন হৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল ৷
২.৫ নিযুত বছৰ আগতে আফ্ৰিকাত উদ্ভৱ হোৱা হোমো প্ৰজাতিৰ পৰা আধুনিক মগজুৰ বিকাশ হৈছিল আৰু তেওঁলোকে পোন হৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল ৷
- News18 Assam
- Last Updated: April 13, 2021, 2:24 PM IST
তেওঁলোকে গৱেষণাৰ অন্তত অৱশেষত এই সিদ্ধান্তত উপনীত হৈছিল যে আধুনিক মানৱ মগজু প্ৰায় ১.৭ নিযুত বছৰ আগতে আফ্ৰিকাত বিকশিত হৈছিল, সেই সময়ত যেতিয়া বিলুপ্ত মানৱ হোমোইৰেক্টাছ প্ৰথমবাৰৰ বাবে দেখা গৈছিল আৰু আফ্ৰিকাত শিলৰ সঁজুলিৰ সংস্কৃতি ক্ৰমান্বয়ে জটিল হৈ পৰিছিল। হোমোইৰেক্টাছ প্ৰজাতিটো আছিল আফ্ৰিকাৰ পৰা প্ৰব্ৰজন কৰা প্ৰথম জনাজাত হোমিনিন, যি যোগাযোগ আৰু চিকাৰ বা খাদ্য সংগ্ৰহৰ দৰে জ্ঞানীয় কামত পাৰদৰ্শী আছিল। গৱেষকসকলেও এই সিদ্ধান্তত উপনীত হৈছে যে সাধাৰণ মানুহৰ মগজু আফ্ৰিকাৰ পৰা এছিয়ালৈ দ্ৰুতগতিত বিয়পি পৰিছিল ।
জাৰ্নেল চাইন্সত প্ৰকাশিত অধ্যয়ন অনুসৰি, ক্ৰিষ্টফ জলিকোফাৰ আৰু মাৰ্চিয়া পন্স ডি লেয়নৰ নেতৃত্বত UZHৰ দলে ১ৰ পৰা ২ নিযুত বছৰ পূৰ্বে আফ্ৰিকা আৰু এছিয়াত বাস কৰা হোমো জীৱাশ্মৰ খোলাবোৰ পৰীক্ষা কৰিছিল।
ইপিনে নৃতত্ত্ববিদ পন্স ডি লেয়নে কয়, “মানুহৰ বাবে সাধাৰণ বৈশিষ্ট্যবোৰ হৈছে মুখ্যতঃ সেইবোৰ, যিবোৰ চিন্তা আৰু কাৰ্যৰ জটিল আৰ্হিৰ পৰিকল্পনা আৰু কাৰ্যকৰী কৰাৰ বাবে দায়ৱদ্ধ, আৰু শেষত ভাষাৰ বাবেও দায়ৱদ্ধ।"
গৱেষকসকলে বিশ্বাস কৰে যে সম্ভৱতঃ জৈৱিক আৰু সাংস্কৃতিক বিৱৰ্তনৰ সম্পৰ্ক আছে । পন্স দে লেয়নে লগতে কয় যে এই সময়ছোৱাত মানৱ ভাষাৰ প্ৰাচীনতম প্ৰকাৰবোৰো বিকশিত হোৱাৰ সম্ভাৱনা আছে ।
UZH দলে ১ৰ পৰা ২ নিযুত বছৰ পূৰ্বে আফ্ৰিকা আৰু এছিয়াত বাস কৰা হোমো জীৱাশ্মৰ খোলাবোৰ পৰীক্ষা কৰিবলৈ কম্পিউটেড টমোগ্ৰাফী ব্যৱহাৰ কৰিছিল, আৰু জীৱাশ্ম তথ্যক বান্দৰ সদৃশ প্ৰাণী আৰু মানুহৰ প্ৰসংগ তথ্যৰ সৈতে তুলনা কৰিছিল ।












