Cricket is a game of uncertainty. কলকাতা নাইট ৰাইডাৰ্ছৰ মুখৰ পৰা বিজয় কাঢ়ি লৈ গ'ল মুম্বাই ইণ্ডিয়ানছে!
মুম্বাই ইণ্ডিয়ানছৰ চেম্পিয়ন প্ৰদৰ্শনে কে কে আৰৰ মুখৰ পৰা কাঢ়ি নিলে মেচ
মুম্বাই ইণ্ডিয়ানছৰ চেম্পিয়ন প্ৰদৰ্শনে কে কে আৰৰ মুখৰ পৰা কাঢ়ি নিলে মেচ
- News18 Assam
- Last Updated: April 14, 2021, 12:21 AM IST
এক ধুমুহাৰ নাম ৰাছেল। ক্ৰীজত আহিলেই থৰহৰি কম্পমান হয় বিপক্ষ। কিন্তু এইটো দিন ৰাছেলৰ নাছিল। ৰাছেলে খেলিব নোৱাৰিলে এটাও দৰ্শনীয় শ্বট। অন্তিম অভাৰত ৰাছেল আউট। বিপদত দল। ক্ৰীজৰ আনটো মূৰত নীৰৱ দৰ্শক হৈ থাকিল দীনেশ কাৰ্তিক।
মুম্বাই ইণ্ডিয়ানছে দ্বিতীয় খন খেলত কলকাতা নাইট ৰাইডাৰ্ছক ১০ ৰানত পৰাস্ত কৰিলে। প্ৰথমখন খেলত দলটো বাংগালোৰৰ হাতত ২ উইকেটত পৰাজিত হৈছিল।
ক্ৰুণালে নিজৰ বলত ৰাছেলৰ কেচটো শূন্য ৰানত পেলাই দিছিল। বুমৰাহে ১৮ তম অভাৰত ৰাছেলৰ ৫ ৰানত আন এটা কেচ পেলাইছিল।এইবাৰো বলাৰ আছিল ক্ৰুণাল। শেষৰ দুটা অভাৰত জিকিবলৈ কেকেআৰে ১৯ ৰাণ সংগ্ৰহ কৰিব লগা হৈছিল। বুমৰাহে ১৯ তম অভাৰত মাত্ৰ ৪ ৰান দিছিল। অন্তিম অভাৰত ১৫ ৰাণ সংগ্ৰহ কৰিব লাগিছিল। কিন্তু ব'ল্টে মাত্ৰ ৪ ৰান দিছিল আৰু ২ টা উইকেট লৈছিল। কেকেআৰে ৭ উইকেটত ১৪২ ৰাণ কৰিয়েই সামৰিলে।












