Mandira Bedi: কন্যা 'তাৰা'ক লৈ ছচিয়েল মিডিয়াত মন্দিৰা বেদীক ট্ৰ'ল। মেছেজৰ স্ক্ৰীণশ্বট ছেয়াৰ কৰি মন্দিৰাই দিলে কাঢ়া উত্তৰ।

News18 Assam | News18-Assam
Updated:April 13, 2021, 6:03 PM IST
Mandira Bedi: কন্যা 'তাৰা'ক লৈ ছচিয়েল মিডিয়াত মন্দিৰা বেদীক ট্ৰ'ল। মেছেজৰ স্ক্ৰীণশ্বট ছেয়াৰ কৰি মন্দিৰাই দিলে কাঢ়া উত্তৰ।
মন্দিৰাই ইনষ্টাগ্ৰামত(Instagram) ছেয়াৰ কৰিছে তাৰাক লৈ তেওঁলৈ প্ৰেৰণ কৰা মেছেজসমূহ। যোৱা বছৰ তাৰাক কন্যা হিচাপে তুলি লৈছিল মন্দিৰাই।

মন্দিৰাই ইনষ্টাগ্ৰামত(Instagram) ছেয়াৰ কৰিছে তাৰাক লৈ তেওঁলৈ প্ৰেৰণ কৰা মেছেজসমূহ। যোৱা বছৰ তাৰাক কন্যা হিচাপে তুলি লৈছিল মন্দিৰাই।

  • Share this:
তোলনীয়া জীয়েকক লৈ ছচিয়েল মিডিয়াত ট্ৰ'ল কৰাসকলক ভালকৈ এসেকা দিলে মন্দিৰা বেদীয়ে। কেইবজনো লোকে মন্দিৰালৈ প্ৰেৰণ কৰা মেছেজৰ স্ক্ৰীণশ্বট ইনষ্টাগ্ৰামত(Instagram) প্ৰকাশ কৰি কন্যা 'তাৰা'ক লৈ অসৌজন্যমূলক মন্তব্য কৰাসকলক ভালকৈ এজাউৰি দিয়ে।

এই লোকসকলে মন্দিৰাই তুলি লোৱা "কন্যাগৰাকী কোনটো বস্তিৰ পৰা আনিছিল" জাতীয় প্ৰশ্ন কৰিছিল। এজনে আকৌ কমেণ্ট কৰিছিল এইদৰে, "ৰাস্তাৰ পৰা বুটলি অনা ছোৱালীজনী একেবাৰে ভূল ঠাইত পৰিলহি...সৌন্দৰ্য সচেতন মন্দিৰাই নিজক মহান সজাবলৈ বস্তিৰলোকক লৈ এনে কৰিছে" বুলি মন্তব্য কৰিছে।

এই স্ক্ৰীণশ্বটসমূহ ছেয়াৰ কৰি "এনে লোকে উচিত শিক্ষা পাব লাগে বুলি" ক্ষোভ উজাৰিছে মন্দিৰাই।এনেদৰে ট্ৰ'ল কৰাসকলক কাপুৰুষ আখ্যা দি মন্দিৰাই কয় যে "জাল নামত ভুৱা  একাউণ্ট খুলি জিভাৰ খজুৱতী মাৰিব বিচৰা এইলোকসকল মানসিক বিকাৰগ্ৰস্ত"।

২০২০ চনৰ জুলাইত মন্দিৰা আৰু তেওঁৰ স্বামী ফিল্মমেকাৰ ৰাজ কৌশলে দত্তক লৈছিল ৪ বছৰীয়া 'তাৰা'ক। 'তাৰা'ক তুলি লোৱা কথাটো ৰাজহুৱা কৰি মন্দিৰাই লিখিছিল- "তাই আমাৰ জীৱনলৈ আশীৰ্বাদ হৈ নামি আহিছে"। উল্লেখ্য মন্দিৰা আৰু ৰাজ কৌশলৰ ১০ বছৰীয়া পুত্ৰ সন্তানো আছে, যাৰ নাম বীৰ।
Published by: Manjumoni Borah
First published: April 13, 2021, 6:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি