News18 AssamNews18 Assam
|
News18-Assam Updated:April 13, 2021, 12:27 PM IST
(Image: IPL/BCCI)
ক্ৰিকেটৰ উপৰিও কাভিয়াই সংগীত শুনিবলৈ ভাল পায় আৰু লগতে এগৰাকী উৎসাহী ভ্ৰমণকাৰী।
কাভিয়া মাৰান (Kaviya Maran) ছানৰাইজাৰ্ছ হায়দৰাবাদ (Sunrisers Hyderabad) ফ্ৰেঞ্চাইজিৰ মুখ্য কাৰ্য্যবাহী বিষয়া। তেওঁ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ নিলাম দলৰ অংশ আছিল। ২৫ বছৰীয়া কাভিয়া মাৰান হৈছে কলানিথি মাৰান (Kalanithi Maran)ৰ একমাত্ৰ কন্যা, এগৰাকী কোটিপতি আৰু ছান টিভি নেটৱৰ্কৰ গৰাকী। পূৰ্বৰ আইপিএল খেলবোৰৰ সময়ত ৰাজীৱ গান্ধী ষ্টেডিয়ামত তেওঁক প্ৰায়ে দেখা গৈছিল। সকলোৰে মাজত 'SRH Auction Girl' বুলি জনাজাত কভিয়াই প্ৰথমবাৰৰ বাবে আইপিএলৰ ২০১৮ বৰ্ষত সকলোৰে মনোযোগ আকৰ্ষণ কৰিছিল যেতিয়া তেওঁক কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক সমৰ্থন কৰা দেখা গৈছিল।
মাৰান দক্ষিণ ভাৰতৰ এটা অতি বিখ্যাত উপাধি। যদিও কলানিথি মাৰান হৈছে ছান নেটৱৰ্কৰ গৰাকী, যি হৈছে ভাৰতৰ অন্যতম বৃহৎ টিভি নেটৱৰ্ক, তেওঁৰ ভাতৃ দয়ানিধি মাৰান এজন ৰাজনীতিবিদ। দুয়োজন মাৰান তামিলনাডুৰ জনপ্ৰিয় নাম।

ছানৰাইজাৰ্ছ হায়দৰাবাদ ফ্ৰেঞ্চাইজিৰ মুখ্য কাৰ্যবাহী বিষয়া কাভিয়া মাৰান 'অৰেঞ্জ আৰ্মি'ৰ সৈতে সক্ৰিয়ভাৱে জড়িত আৰু কমলা জাৰ্চী পিন্ধি ষ্টেডিয়ামত নিয়মীয়াকৈ খেলত অংশ গ্ৰহণ কৰা দেখা যায়। বৰ্তমান, কাভিয়া বিবাহিত নহয় বা তেখেতে কাৰো সৈতে ডেট কৰা নাই। ক্ৰিকেটৰ উপৰিও কাভিয়াই সংগীত শুনিবলৈ ভাল পায় আৰু লগতে এগৰাকী উৎসাহী ভ্ৰমণকাৰী। কাভিয়া মৰাণে মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেচন (MBA) ডিগ্ৰী লাভ কৰিছে, আৰু তেওঁ ছান টিভি নেটৱৰ্কৰ সৈতে জড়িত।

(Image: IPL/BCCI)
এতিয়া, আমি ক্ৰিকেটৰ দিশলৈ আহো কলানিথি মাৰানে ২০১২ চনত এতিয়া নিষ্ক্ৰিয় হৈ পৰা ডেক্কান চাৰ্জাৰ্ছ (Deccan Chargers) ফ্ৰেঞ্চাইজি ক্ৰয় কৰে আৰু ইয়াৰ নাম সলনি কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদ কৰে। ছান টিভি নেটৱৰ্কে ৪২৫ কোটি টকাৰ নিবিদা তৈয়াৰ কৰিছিল বুলি জানিব পৰা গৈছে। কাভিয়া মাৰান ক্ৰিকেটৰ প্ৰতি অত্যন্ত উৎসাহী, আৰু তেওঁক ছানৰাইজাৰ্ছ হায়দৰাবাদ ফ্ৰেঞ্চাইজিৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিয়োগ কৰা হৈছিল।

(Image: IPL/BCCI)
কাভিয়াই নিয়মীয়াকৈ ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ খেলসমূহত হাতত পতাকা লৈ তেখেতৰ দলটোক সমৰ্থন কৰি আনন্দত জঁপিয়াই পৰাৰ লগতে প্ৰতি বছৰে আইপিএলৰ নিলামতো দেখা যায়। শেহতীয়াকৈ, তেওঁক কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আইপিএলৰ ২০২১ সংস্কৰণৰ হায়দৰাবাদৰ প্ৰথমখন খেলৰ বাবে ষ্টেডিয়ামত দেখা গৈছিল।