মুকলিৰ পূৰ্বেই PUBG New Stateৰ ধামাকা! গুগল প্লে’ ষ্টোৰত ১ কোটিৰো অধিক লোকে কৰিলে পঞ্জীয়ন
PUBG ষ্টুডিঅ'ৰ দ্বাৰাই বিকশিত কৰা হ'ব PUBG New State। ষ্টুডিঅ'টোৱে "Ultra Realistic Graphics" ব্যৱহাৰৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, যাৰ দ্বাৰা ম’বাইল গেমিঙৰ সীমাক অতিক্ৰম কৰা হ’ব।
PUBG ষ্টুডিঅ'ৰ দ্বাৰাই বিকশিত কৰা হ'ব PUBG New State। ষ্টুডিঅ'টোৱে "Ultra Realistic Graphics" ব্যৱহাৰৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, যাৰ দ্বাৰা ম’বাইল গেমিঙৰ সীমাক অতিক্ৰম কৰা হ’ব।
- News18 Assam
- Last Updated: April 13, 2021, 1:23 PM IST
আশা কৰা হৈছিল এই ম’বাইল গেমটো চলিত বছৰৰ শেষৰ ফালে এণ্ড্ৰইড আৰু iOS দুয়োটাৰ বাবে মুকলি কৰা হ'ব৷ সম্প্ৰতি কোম্পানীটোৱে টুইটাৰযোগে আন এক ঘোষণা কৰিছে যে তেওঁলোকে এই গেমৰ বাবে গুগল প্লে’ ষ্টোৰত ১০ মিলিয়ন অৰ্থাৎ ১ কোটিতকৈও অধিক পঞ্জীয়ন লাভ কৰিছে। ফেব্ৰুৱাৰীত গেমবিধৰ ট্ৰেইলাৰ মুকলি কৰাৰ পিছতে প্ৰাক্-পঞ্জীয়নৰ বিকল্পও মুকলি কৰা হৈছিল।
PUBG New Stateৰ বাবে কোম্পানীটোৱে "Ulta Realistic Graphics"ৰ প্ৰতিশ্ৰুতি দিছে, যাৰ দ্বাৰা ম’বাইল গেমিঙৰ সীমা অতিক্ৰম কৰা হ’ব৷
শীঘ্ৰে আলফা টেষ্টিং বাবে এই গেম উপলব্ধ কৰোৱা হ'ব। এয়া পৰীক্ষাৰ বাবে কেৱল কেইটামান ক্ষেত্ৰতহে উপলব্ধ কৰা হ'ব। খেলৰ আনুষ্ঠানিক আৰম্ভণিৰ পূৰ্বে কেৱল কেইজনমান নিৰ্বাচিত খেলুৱৈকহে PUBG খেলিবলৈ অনুমতি দিয়া হ'ব। News State হৈছে প্ৰকৃত PUBG ম'বাইল গেমৰ উত্তৰাধিকাৰী। গেমটোত বহুতো গোটে ইজনে সিজনৰ সৈতে যুঁজ দিয়ে। গেমটোত ড্ৰোন, কমবেট ৰোল আদিৰ দৰে সুবিধা থাকিব। গেমপ্লে’টোত ৮×৮ মানচিত্ৰ আৰু কেইবাটাও অস্ত্ৰবিকল্প সামৰি লোৱা হ’ব।
PUBG New Stateৰ বিশেষত্বসমূহ -
১. PUBG New State গেমত ১০০জন খেলুৱৈয়ে ট্ৰয় নামৰ এখন মানচিত্ৰত অৱতৰণ কৰিব, যিয়ে ৮x৮ কিলোমিটাৰ এলেকা আৱৰি থাকিব। খেলুৱৈসকলে তেওঁলোকৰ শত্ৰুসকলক পৰাস্ত কৰিবলৈ ড্ৰোন, বেলিষ্টিক শ্বিল্ড আৰু অন্যান্য হাই-টেক গেজেটৰ সহায় ল'ব পাৰিব।
৩. ইয়াত Ultra Realistic Graphics আৰু ডাইনামিক গানপ্লেও থাকিব। গেমিং গণনা প্ৰযুক্তিৰ লগতে ম'বাইল গেমিঙত গ্ৰাফিক্সৰ ক্ষেত্ৰত PUBG New Stateয়ে অধিক আকৰ্ষিত কৰিব সকলোকে ।












