IPL 2021: ৰাজস্থান ৰয়েল্ছৰ পৰাজয়ত নিজৰ ওপৰতে খং উঠিল ৰিয়ান পৰাগৰ, দুখতে লিখিলে এই কথা
ৰিয়ান পৰাগে এইবাবেই এই টুইট কৰিছিল কাৰণ অন্তিম সময়ত তেওঁ আউট হৈ গৈছিল।
ৰিয়ান পৰাগে এইবাবেই এই টুইট কৰিছিল কাৰণ অন্তিম সময়ত তেওঁ আউট হৈ গৈছিল।
- News18 Assam
- Last Updated: April 13, 2021, 6:33 PM IST
এই পৰাজয়ৰ পিছতে দলটোৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগে এনে এক টুইট কৰিছে যিটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কোনোৱে হয়তো ৰিয়ান পৰাগ (Riyan Parag Tweet)ৰ পৰা এনে টুইট আশা কৰা নাছিল আৰু পিছত যেতিয়া খেলুৱৈজনে সেয়া বুজি পালে তেতিয়া টুইটটো ডিলিট কৰি দিয়ে।
ৰিয়ান পৰাগে ৰাজস্থান ৰয়েল্ছৰ পৰাজয়ৰ পিছত নিজৰ ওপৰতে প্ৰশ্ন উত্থাপন কৰে। পৰাজয়ৰ পিছকে ৰিয়ান টুইট কৰি লিখিলে, ‘‘Im shit’’। ৰিয়ানৰ এই টুইটৰ পিছতে অনুৰাগীসকলে তেওঁক সান্তনা দিয়ে। পিছত ৰিয়ানে এই টুইটটো ডিলিট কৰি দিয়ে।

ৰিয়ান পৰাগ আউট হোৱাৰ পিছত ৰাহুল তেৱতীয়াই ৪টা বলত ২ ৰান কৰে আৰু এই ছিজনৰ আটাইতকৈ দামী খেলুৱৈ ক্ৰিছ মৰিছেও ৪টা বলত ২ ৰানহে কৰিবলৈ সক্ষম হয়। যদিহে ৰিয়ান অন্তিম সময়লৈ থাকিলহেঁতেন তেন্তে ৰাজস্থান ৰয়েলছ হয়তো বিজয়ী হ’লহেঁতেন।












