IPL 2021 : অধিনায়ক ঋষভ পণ্টক লৈ ব্যাপক চৰ্চা, এখন ভাইৰেল ফটোৱে কি কয়?
IPLত ঋষভ পন্তৰ চমক ! ক্ৰিকেটৰ দৌৰত দ্ৰুতগতিৰে আগবাঢ়িছে পন্ত।
IPLত ঋষভ পন্তৰ চমক ! ক্ৰিকেটৰ দৌৰত দ্ৰুতগতিৰে আগবাঢ়িছে পন্ত।
- News18 Assam
- Last Updated: April 13, 2021, 3:23 PM IST
বিগত কেইমাহমানৰ পৰাই অনুৰাগীৰ অতিকে প্ৰিয় হৈ পৰিছে ঋষভ পন্ত । বেটৰ সৈতে তেওঁৰ স্থিৰতা আৰু উন্নত উইকেট কিপিঙৰ দক্ষতাৰ বাবে তেওঁ সম্প্ৰতি ক্ৰিকেট টাউনৰ সবাতোকৈ চৰ্চিত নামৰ শাৰীত উপনীত হৈছে ।
শ্ৰেয়াছ আয়াৰে কান্ধত আঘাত লাভ কৰাৰ পিছতে যুৱ ক্ৰিকেটাৰগৰাকীয়ে IPL2021 ত দিল্লী কেপিটেলছক নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰিছে । অধিনায়ক হিচাপে পন্তৰ প্ৰথমখন IPL প্ৰতিযোগিতাতে শনিবাৰে অভিজ্ঞ মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত শক্তিশালী চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল দলটো ৷
তাৰ পাচতে অধিনায়কৰূপে পন্তৰ দক্ষতাক ভূয়সী প্ৰশংসা কৰিছিল সকলোৱে । কেৱল এয়াই নহয়, দেওবাৰে হালধীয়া বাহিনী অৰ্থাৎ CSK বাহিনীয়ে প্ৰতিযোগিতাত জয়ী হৈ ডাগআউটলৈ উভতি অহা পণ্টক আগুৰি থকা এখন ফটোৱে ছ’চিয়েল মিডিয়াত দৃষ্টি আকৰ্ষণ কৰে সকলোৰে। বহু অনুৰাগীয়ে এই মুহূৰ্তটোক "দিনটোৰ বিশেষ ফটো" বুলি অভিহিত কৰিছিল, আনহাতে আন একাংশই ইয়াক IPLৰ পূৰ্বৰ ছিজনত CSK দলৰ চেলফিত অংশগ্ৰহণ কৰা পণ্টৰ ফটোৰ সৈতে তুলনা কৰিছে।
পন্ত সন্দৰ্ভত ধাৱানে কয়, “ঋষভ পন্তৰ আটাইতকৈ ভাল কথাটো হ'ল যে তেওঁ সদায় শান্ত হৈ থাকে । তেওঁৰ মনৰ উপস্থিতি যথেষ্ট আছে, যিটো অতি ভাল দিশ । অৱশ্যে, মই তেওঁক মোৰ পৰামৰ্শ দিও ৷ ”












