আৰৱীয় মূলৰ মুছলমান মহিলা ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ উচ্চ পদস্থ বিষয়াৰ পদত
ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে সকলো ধৰ্মালম্বীকে সম সুযোগ দিছে : আইডিএফ।
ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে সকলো ধৰ্মালম্বীকে সম সুযোগ দিছে : আইডিএফ।
- News18 Assam
- Last Updated: September 2, 2021, 8:47 AM IST
শেহতীয়াভাৱে আইডিএফে এক বিশেষ টুইটযোগে সেই কথাৰ প্ৰমাণ পুনৰ দিছে। আৰৱীয় মূলৰ এগৰাকী মুছলমান মহিলা, যিগৰাকী দীৰ্ঘদিন ধৰি ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ উচ্চপদস্থ বিষয়া হিচাপে কৰ্মৰত, তেওঁক ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে টুইটযোগে অভিনন্দন জনোৱাৰ লগতে পুনৰ ইজৰাইলী প্ৰতিৰক্ষা বাহিনী অৰ্থাৎ আইডিএফৰ ধৰ্মনিৰপেক্ষতাৰ উদাহৰণ দিছে।
মেজৰ এলা নামৰ এইগৰাকী মুছলমান মহিলাক অভিনন্দন জনাই আইডিএফে জনায়, "আইডিএফত প্ৰতিটো সপোন পূৰ কৰিব পাৰি। আইডিএফে কেতিয়াও মুছলমান, খ্ৰীষ্টান অথবা ইহুদীৰ মাজত বাচ-বিচাৰ কৰা নাই। পুৰুষ আৰু মহিলাকো সম সুযোগ দিছে আইডিএফে।"













