মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»Panjshir: পঞ্জশীৰৰ আকাশত গোলা–বাৰুদৰ ধোঁৱা, তালিবান–আহমেদ মাছুদ বাহিনীৰ সংঘৰ্ষ জাৰি

Panjshir: পঞ্জশীৰৰ আকাশত গোলা–বাৰুদৰ ধোঁৱা, তালিবান–আহমেদ মাছুদ বাহিনীৰ সংঘৰ্ষ জাৰি

News18 Assam | News18-Assam
Updated:September 2, 2021, 10:59 PM IST
Panjshir: পঞ্জশীৰৰ আকাশত গোলা–বাৰুদৰ ধোঁৱা, তালিবান–আহমেদ মাছুদ বাহিনীৰ সংঘৰ্ষ জাৰি
এই অঞ্চলৰ ভূগোল তালিবানৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান যদিও অবিৰাম সংঘৰ্ষ চলি আছে দুয়ো পক্ষৰ মাজত।

এই অঞ্চলৰ ভূগোল তালিবানৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান যদিও অবিৰাম সংঘৰ্ষ চলি আছে দুয়ো পক্ষৰ মাজত।

  • News18 Assam
  • Last Updated: September 2, 2021, 10:59 PM IST
  • Share this:

তালিবানক প্ৰবল প্ৰত্যাহ্বান জনোৱা পঞ্জশীৰৰ আকাশ এতিয়া গোলা–বাৰুদৰ ধোঁৱাই ছানি ধৰিছে। আফগানিস্তান (Afghanistan)ৰ মাত্ৰ এই প্ৰদেশখনৰ বাহিৰে সমগ্ৰ দেশ এতিয়া তালিবানৰ দখলত আছে। কিন্তু তালিবানে বহু চেষ্টা কৰিও অধিগ্ৰহণ কৰিব পৰা নাই পঞ্জশীৰ। নৰ্ডাৰ্ন এলায়েন্সৰ সৈতে নিৰন্তৰ মুখামুখি যুদ্ধ হৈ আছে। আহমেদ মাছুদৰ নেতৃত্বত নৰ্ডাৰ্ন এলায়েন্সৰ যোদ্ধাসকলে যুদ্ধত তালিবান সেনাক পৰাভূত কৰি আছে।


স্থানীয় সংবাদ মাধ্যম পাজৱক আফগান নিউজে প্ৰকাশ কৰিছে যে তালিবানে বুধবাৰে পঞ্জশীৰৰ চিকাৰিনাভ জিলাত আক্ৰমণ চলায়। এই আক্ৰমণত ১৩ জন তালিবান যোদ্ধা নিহত হৈছে। ইফালে, আফগান প্ৰতিৰোধী গোটৰ বিদ্ৰোহীসকলে তালিবানৰ এখন টেংকাৰো ধ্বংস কৰিছে। ইয়াৰ পূৰ্বে নৰ্ডাৰ্ন এলায়েন্সে দাবী কৰিছিল যে যোৱানিশা খাৱাকত আক্ৰমণ কৰিবলৈ অহা প্ৰায় ৩৫০জন তালিবান যোদ্ধা নিহত হৈছে।


নৰ্ডাৰ্ন এলায়েন্সৰ দ্বাৰা কৰা দাবী অনুসৰি ৪০জনতকৈও অধিক তালিবান যুঁজাৰুক বন্দী কৰা হৈছে। এই সময়ছোৱাত নৰ্ডাৰ্ন এলায়েন্সত কেইবাখনো আমেৰিকান বাহন, অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হৈছে। তালিবান আৰু নৰ্ডাৰ্ন এলায়েন্সৰ মাজত সোমবাৰৰ পৰা পঞ্জশীৰ দখলৰ বাবে যুদ্ধ চলি আছে। শেহতীয়া প্ৰতিবেদন অনুসৰি, তালিবান যুঁজাৰুসকলে মঙলবাৰে নিশা পঞ্জশীৰ অঞ্চলত অনুপ্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল আৰু তালিবানে এখন দলং উৰুৱাই নৰ্ডাৰ্ন এলায়েন্সৰ যুঁজাৰুসকলৰ পলায়নৰ পথ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল।



ইফালে, আফগান উপৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহে কয় যে এই প্ৰতিৰোধ হৈছে সকলো আফগান নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰা। চালেহে টুইট কৰিছিল, 'এই প্ৰতিৰোধ পঞ্জশীৰ আধাৰিত। এয়া কেৱল পঞ্জশীৰৰ বাবে নহয়, সমগ্ৰ আফগানসকলৰ বাবে। আজি এই উপত্যকাই সমগ্ৰ দেশক প্ৰতিনিধিত্ব কৰিছে। এয়া আফগানসকলৰ বাবে এক আশা, যি তালিবানৰ অত্যাচাৰ, প্রতিশোধ, কুসংস্কাৰ তথা অন্ধ চিন্তাভাবনা এৰি চলিব বিচাৰিছে।'


আনহাতে তালিবানে দাবী কৰিছে যে পঞ্জশীৰত কেইবাটাও অঞ্চল অধিগ্ৰহণ কৰা হৈছে। কাটাৰ ভিত্তিক সংবাদ মাধ্যম আল-জাজিৰাই বৃহস্পতিবাৰে ছ'চিয়েল মিডিয়াত টুইটাৰত এজন তালিবান নেতাৰ এটা পোষ্টৰ উদ্ধৃতি দি বাতৰি প্ৰকাশ কৰিছে। এই বাতৰি মতে তালিবানে কেইবাটাও অঞ্চল নিজৰ দখললৈ আনিছে।






পঞ্জশীৰ ক'ত আছে?
কাবুলৰ পৰা ১৫০ কিলোমিটাৰ উত্তৰে পঞ্জশীৰ উপত্যকা হিন্দুকুশ পৰ্বতমালাৰ ওচৰত আছে। উত্তৰৰ পঞ্জশীৰ নদীয়ে ইয়াক পৃথক কৰে। পঞ্জশীৰৰ উত্তৰ অংশটো পাহাৰেৰে আগুৰি আছে। আনহাতে, দক্ষিণৰ কুহেস্তানৰ পাহাৰে এই উপত্যকাটোক আগুৰি ধৰিছে। এই পাহাৰবোৰ গোটেই বছৰটো বৰফেৰে আবৃত হৈ থাকে। ই পঞ্জশীৰ উপত্যকাটো কিমান দুৰ্গম তাৰ ধাৰণা দিয়ে। এই অঞ্চলৰ ভূগোল তালিবানৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান।

Published by: Gautam Barman
First published: September 2, 2021, 10:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি