মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»আফগানিস্তানত ভাৰতক ক্ৰিকেট খেলাত অনুমতি তালিবানৰ, নৱেম্বৰত অষ্ট্ৰেলিয়াৰ সৈতে টেষ্ট খেলাৰ বাবেও অনুমতি

আফগানিস্তানত ভাৰতক ক্ৰিকেট খেলাত অনুমতি তালিবানৰ, নৱেম্বৰত অষ্ট্ৰেলিয়াৰ সৈতে টেষ্ট খেলাৰ বাবেও অনুমতি

News18 Assam | News18-Assam
Updated:September 2, 2021, 2:21 PM IST
আফগানিস্তানত ভাৰতক ক্ৰিকেট খেলাত অনুমতি তালিবানৰ, নৱেম্বৰত অষ্ট্ৰেলিয়াৰ সৈতে টেষ্ট খেলাৰ বাবেও অনুমতি
পুৰুষ ক্ৰিকেট দলৰ প্ৰতি তালিবানৰ এই ইতিবাচক দৃষ্টিভংগী প্ৰদৰ্শনৰ বিপৰীতে তালিবানে এতিয়াও মহিলা ক্ৰিকেটৰ ক্ষেত্ৰত কোনো মন্তব্য প্ৰকাশ কৰা নাই।

পুৰুষ ক্ৰিকেট দলৰ প্ৰতি তালিবানৰ এই ইতিবাচক দৃষ্টিভংগী প্ৰদৰ্শনৰ বিপৰীতে তালিবানে এতিয়াও মহিলা ক্ৰিকেটৰ ক্ষেত্ৰত কোনো মন্তব্য প্ৰকাশ কৰা নাই।

  • Share this:
ক্ৰিকেটক লৈ আশাবাদী আফগানিস্তানৰ শাসনৰ দায়িত্ব লোৱা তালিবানী প্ৰশাসন। ইণ্ডিয়ান এক্সপ্ৰেছৰ খবৰ অনুসৰি, অক্টোবৰ-নৱেম্বৰত অনুস্থিত হ'ব লগা টি-২০ বিশ্বকাপতো আফগানিস্তান দলটোৱে অংশগ্ৰহণ কৰিব। আফগানিস্তানৰ ক্ষমতা দখলৰ পিছত তালিবানৰ মতে, ক্ৰিকেটে সকলো দেশৰ মাজত সম্পৰ্ক সুদৃঢ় কৰে। সেয়ে ক্ৰিকেটৰ ক্ষেত্ৰত কোনো প্ৰতিবন্ধকতা নাই। ইতিমধ্যে তালিবানে আফগানিস্থান দলক অষ্ট্ৰেলিয়াত টেষ্ট খেলাৰ বাবে অনুমতি প্ৰদান কৰিছে। ভাৰতীয় ক্ৰিকেট দলেও আফগানিস্তানত ক্ৰিকেট খেলাত কোনো সমস্যা নাই বুলি তালিবানে জনাইছে।

পুৰুষ ক্ৰিকেট দলৰ প্ৰতি তালিবানৰ এই ইতিবাচক দৃষ্টিভংগী প্ৰদৰ্শনৰ বিপৰীতে তালিবানে এতিয়াও মহিলা ক্ৰিকেটৰ ক্ষেত্ৰত কোনো মন্তব্য প্ৰকাশ কৰা নাই। ইতিমধ্যে তালিবানৰ ভয়ত আফগানিস্তান এৰিছে মহিলা ক্ৰিকেটাৰৰ লগতে বহু মহিলা ক্ৰীড়াবিদে।
Published by: Sanjay Kumar Das
First published: September 2, 2021, 2:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি