নিষিদ্ধ আকৰ্ষণ বৃদ্ধি পায় কৈশোৰ কালত। সেই তালিকাত অন্যতম হ’ল ধূমপান। গৃহবন্দী জীৱনত ধূমপান আসক্ত হোৱাৰ প্ৰৱণতা কিশোৰসকলৰ ক্ষেত্ৰত এতিয়া অধিক বেছি। সেয়ে প্ৰথমৰে পৰা সতৰ্ক হ’ব লাগিব অভিভাৱকসকল।
লুকঢাক নকৰাকৈ প্ৰথমৰে পৰা সন্তানৰ সৈতে কথা পাতক ধূমপানৰ ক্ষতিকাৰক দিশক লৈ। প্ৰয়োজনত সন্তানকে ধূমপানৰ বেয়া দিশসমূহ সম্বন্ধে জানি আপোনালোকক ক’বলৈ পৰামৰ্শ দিয়ক।
কৈশোৰৰ বন্ধুসকলৰ ফালৰ পৰা ধূমপানৰ প্ৰস্তাৱ অহাটো স্বাভাৱিক। সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে যে কোনো লাজ বা অক্ষমতা নাই বুজাই দিয়ক সন্তানক। আপুনিও তেওঁৰ সৈতে মিলি থাকক বন্ধুৰ দৰে। শিকাওক, সন্তানে যেন বন্ধুবৰ্গক ক’ব পাৰে, ‘মই ধূমপান নকৰো’।
পৰোক্ষ ধূমপানো যে ক্ষতিকাৰক, সেই বিষয়েও সচেতন কৰক সন্তানক। য’ত বাকীবোৰে ধূমপান কৰিছে, সেই স্থান এৰি আহিবলৈ কওক।
উদাহৰণ কিন্তু আপুনি তৈয়াৰ কৰিব লাগিব। আপুনি নিজেই ধূমপান কৰি সন্তানক নিষেধ কৰিছে, সেয়া যেন নহয়। ধূমপানৰ অভ্যাস থাকিলে সেয়া ত্যাগ কৰি উদাহৰণ তৈয়াৰ কৰক সন্তানৰ সন্মুখত।