বলীউডৰ বহু তাৰকাৰ সন্তানৰ ইতিমধ্যে বলীউডত আত্মপ্ৰকাশ ঘটিছে। তাৰ বিপৰীতে আন কিছুমান তাৰকা সন্তানে তেওঁলোকৰ পঢ়া শেষ হোৱাৰ পিছতহে বলীউডত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰি আছে। কিছুমানে চলচ্চিত্ৰ জগতৰ পৰা আঁতৰত তেওঁলোকৰ জীৱন উপভোগ কৰি আছে আৰু তেওঁলোকৰ পঢ়া-শুনাত মনোনিবেশ কৰিছে। ইয়াত আমি আপোনাক কিছুমান তাৰকা সন্তানৰ বিষয়ে ক'বলৈ গৈছোঁ যিসকলে বৰ্তমান বিদেশত তেওঁলোকৰ পঢ়া-শুনাত ব্যস্ত। (Image : Instagram @suhanakhan2/dishanichakraborty/nysadevganx)
বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ কন্যা সুহানা খান এই তালিকাত প্ৰথম। সুহানাই নিউয়ৰ্ক বিশ্ববিদ্যালয়ত অভিনয় বিষয়ত অধ্যয়ন কৰি আছে। তেওঁ থিয়েটাৰতো যথেষ্ট সক্ৰিয়। (Image: Instagram @suhanakhan2)
প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱী আৰু প্ৰযোজক বনি কাপুৰৰ কন্যা খুশী কাপুৰে নিউয়ৰ্কৰ এখন চলচ্চিত্ৰ প্ৰতিষ্ঠানত অভিনয় অধ্যয়ন কৰি আছে। অৱশ্যে তেওঁৰ ডাঙৰ ভগ্নী জাহ্নৱী কাপুৰে ইতিমধ্যে বলীউডত প্ৰৱেশ কৰিছে । (Image : Instagram @khushi05k)
অজয় দেৱগণ আৰু কাজলৰ জীয়ৰী ন্যাসা দেৱগণে ছিংগাপুৰৰ ইউনাইটেড ৱৰ্ল্ড কলেজ অৱ ছাউথ ইষ্ট এছিয়াত অধ্যয়ন কৰি আছে। বহু বাতৰি এইটো দাবী কৰা হৈছে যে ন্যাসাই পিতৃ-মাতৃৰ দৰেই অভিনয় জগতত নিজৰ ভাগ্য অন্বেষণ কৰিব বিচাৰে। (Image : Instagram @nysadevganx)
মিথুন চক্ৰৱৰ্তীৰ জীয়ৰী দিশানী চক্ৰৱৰ্তীয়ে বৰ্তমান নিউয়ৰ্ক চলচ্চিত্ৰ একাডেমীত অধ্যয়ন কৰি আছে। দিশানীয়ে বলীউডত প্ৰৱেশ কৰিব নে নাই সেয়া অদূৰ ভৱিষ্যতে জনা যাব। (Image : Instagram @dishanichakraborty)
ছইফ আলী খানৰ পুত্ৰ ইব্ৰাহীম বৰ্তমান লণ্ডনত অধ্যয়ন কৰি আছে। ছইফ আলী খানৰ মতে ইব্ৰাহীম অভিনয়তকৈ পৰিচালনাৰ দিশত বেছি আগ্ৰহী।
শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে ছাউদাৰ্ণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত চলচ্চিত্ৰ কলা অধ্যয়ন কৰি আছে। তেওঁ তাত চলচ্চিত্ৰ নিৰ্মাণ আৰু অভিনয় শিকি আছে। অৱশ্যে, তেওঁ অভিনয়ৰ প্ৰতি আগ্ৰহী নহয়। তেওঁ চলচ্চিত্ৰ নিৰ্মাণতহে কেৰিয়াৰ গঢ়িব বিচাৰে। (Image : Instagram @___aryan___)