আমেৰিকাৰ আলাবামাৰ বাসিন্দা আৰু আৰক্ষী এৰিক ফিল্ডছ (Eric Fields)ৰ ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কাৰণটো হ'ল তেওঁ দেখিবলৈ সাইলাখ হলীউডৰ ছুপাৰষ্টাৰ ডোৱাইনে জনছন (Dwayne Johnson)ৰ দৰে।. (image: Twitter@BleacherReport)
ডোৱাইনে জনছন গোটেই বিশ্বতে 'দি ৰক' (The Rock) নামেৰে বিখ্যাত। এৰিকৰ ফটো দেখি 'ৰক' নিজেও স্তম্ভিত হৈ পৰিছে আৰু এৰিকৰ ফটোত কমেণ্ট নিদিয়াকৈ থাকিব নোৱাৰিলে। (image: Instagram/efields.lt)
আলাবামাৰ মৰ্গান কাউণ্টীৰ আৰক্ষী কাৰ্যালয়ৰ ফেচবুক পেজৰ পৰা এজন স্থানীয় লোকৰ সৈতে এৰিকৰ ফটো শ্বেয়াৰ কৰা হৈছিল। বহু লোকেই এই ফটোখন ৪৯ বছৰীয়া 'দি ৰক'ৰ বুলি ভাবিছিল। (image: Instagram/efields.lt)
'ৰক' বুলি ভাবি বহুতেই আৰক্ষীৰ কাৰ্যালয়লৈ তেওঁক চাবলৈও গৈছিল। আৰু তাত এৰিকক লগ পাই আনন্দিত হৈছিল। (image: Facebook@MorganSheriffOffice)
কেৱল চেহেৰাৰ ফালৰ পৰাই নহয়, ওখ-পাখ, বডী আৰু মাংশপেশী, সকলোপিনৰ পৰাই এৰিকৰ মিল আছে 'ৰক'ৰ সৈতে। (image: Instagram/efields.lt)
ফটো দেখি কমেণ্ট নিদিয়াকৈ থাকিব নোৱাৰিলে ডোৱাইনে জনছনে। তেওঁ এটা টুইটত লিখিছে, 'ওহ! ৱাহ! বাওঁফালৰ ল'ৰাজন বেছি কুল লাগিছে।' (image: Instagram/efields.lt)
ডোৱাইনে জনছনে আকৌ লিখিছে, 'সুৰক্ষিত থাকা ভাই আৰু তোমাৰ সেৱাৰ বাবে ধন্যবাদ। এদিন আমি দুইজনে একেলগে টেৰেমনা পান কৰিম আৰু মই তেতিয়া তোমাৰ সকলো 'ৰক' কাহিনী শুনিম...' (image: Instagram/efields.lt)
এৰিকে ১৭ বছৰ ধৰি আৰক্ষী বিভাগত কাম কৰি আছে আৰু শেহতীয়াকৈ নিজৰ জনপ্ৰিয়তাক উপভোগ কৰিছে। (image : Instagram/efields.lt)