বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অলৰাউণ্ডাৰ! ৰবীন্দ্ৰ জাদেজাৰ অলৰাউণ্ড পাৰফৰ্মেন্সকলৈ নতুনকৈ একো কোৱাৰ প্ৰয়োজন নাই। আজি চাও আহক জাদেজাৰ জামনগৰৰ বাংলোৰ ভিতৰ ভাগ।
জামনগৰস্থিত জাদেজাৰ বাংলোৰ ভিতৰ ভাগ ৰাজমহলতকৈ কোনো গুণে কম নহয়। জাদেজাই এই বাংলো নিৰ্মাণত কোনো ক্ৰুটি কৰা নাই। একেবাৰে ৰাজপ্ৰসাদৰ দৰে বাংলো।
চাৰি মহলীয়া এই বাংলোৰ চাৰিওফালে ৰাজপুত সংস্কৃতিৰ ছবি স্পষ্ট। কিন্তু ঘৰৰ নিজৰ পচন্দৰ বহুকেইটা ঠাইতে জাদেজাক বেছিকৈ দেখা যায়।
ঘৰৰ বিভিন্ন অংশ বহুমূলীয়া শ্বো-পিছেৰে সজোৱা হৈছে। আছে বহু পুৰণি হুকৰ পৰা আৰম্ভ কৰি গ্লাচৰ আচবাব।
জাদেজাৰ ঘৰৰ ড্ৰয়িং ৰুমত এটে অতি বিলাসী চোফা আছে। ইয়াৰ বাদেও আছে এণ্টিত চেয়াৰ। ঘৰৰ ডাইনিং এৰিয়াও অত্যন্ত ডাঙৰ।